Breaking News
Home / Morigaon / বদৰুদ্দিন আজমল অসমৰ বাবে আশীৰ্বাদ নে অভিশাপ?…

বদৰুদ্দিন আজমল অসমৰ বাবে আশীৰ্বাদ নে অভিশাপ?…

আন্তৰাষ্ট্ৰীয় ব্যৱসায়ী মৌলানা বদৰুদ্দীন আজমল সকলো দিশতে পাৰ্গত। নিকা, নিৰ্ম্মল, পৰিশ্ৰমী, কৰ্মদক্ষ, সৎ সাহসী, দানশীল বদৰুদ্দিন আজমল কেৱল এগৰাকী ৰাজনীতিবিদেই নহয় বৰং তেওঁ এজন সফল ব্যৱসায়ী, সমাজ সেৱাক হোৱাৰ লগে লগে ভাল ধৰ্মযাজকো। সকলো ক্ষেত্ৰতে বিচক্ষণতাৰ পৰিচয় দাঙি ধৰিব পৰা ভাৰতবৰ্ষৰ অন্যতম ধন কুবেৰ মৌলানা বদৰুদ্দিন আজমলে পলকতে যিকোনো সমস্যাৰ সমাধান কৰাত সিদ্ধহস্ত। সদা ন্যায়-ইনচাফৰ পক্ষে অৱস্থান গ্ৰহণ কৰা মৌলানা বদৰুদ্দিন আজমল প্ৰকৃততে যমুনামুখৰ পাবিজুৰি গাঁৱৰ বাসিন্দা। দয়া, প্ৰেম-ভালপোৱা, সমন্বয়, সম্প্ৰীতি প্ৰতিষ্ঠাত নিজকে নিয়োজিত কৰি ভালপোৱা সাংসদ বদৰুদ্দিন আজমলে বিশ্ব দৰবাৰত অসমৰ লগতে ভাৰতবৰ্ষৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। বিশ্বৰ বিভিন্ন দেশত (Perfume) সুগন্ধিৰ ব্যৱসায় কৰা মৌলানা বদৰুদ্দিন আজমলক বিশ্বৰ বিভিন্ন দেশে ভি আই পিৰ মৰ্যাদা দিছে। অসম তথা অসমীয়াৰ স্বাভিমান আদৰৰ গামোছাখনক অনবৰত ডিঙিত ওলমাই লৈ ফুৰা আজমলৰ মানৱ সেৱা আৰু সমাজ সেৱাৰ বিষয়ে নকলেওঁ ক’ম-বেছি সকলোৱেই জানে। হয় এটা কথা ঠিক যে, মৌলানা বদৰুদ্দিন আজমল এগৰাকী ধৰ্মীয় যাজক হিচাপে ৰাজনীতিলৈ আহিব নালাগিছিল, পিছে মূল্যবোধৰ ৰাজনীতি কৰাত আপত্তি ক’ত? লোভ-লালসা, উপঢৌকন, ঠগ-প্ৰৱঞ্চনা, দুৰ্নীতি-ভ্ৰষ্টাচাৰ তথা জাতি-ধৰ্মৰ লেতেৰা ৰাজনীতিৰ পৰা আতৰি থাকি প্ৰতিনিয়ত দেশ তথা দহৰ সেৱাত নিমজ্জিত মৌলানা বদৰুদ্দিন আজমল আচলতে অনিচ্ছাকৃত ভাৱে ৰাজনীতিলৈ আহিছে। অসমৰ এইগৰাকী উদ্যমী নেতাজন চৰকাৰত অংশীদাৰ হ’ব পাৰিলে নিশ্চিতভাৱে ৰাজ্যৰ আমোল পৰিৱৰ্তন হ’ব বুলি বিভিন্নজনে আশা ব্যক্ত কৰিছে। কোনো এখন চৰকাৰৰ অংশীদাৰ নহৈও বদৰুদ্দিন আজমলে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰাইমাৰী বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয় পৰ্যন্ত প্ৰতিষ্ঠা খলিছে। ইতিমধ্যে চৰে চৰে শিক্ষা, ঘৰে ঘৰে শিক্ষা নীতিৰ অধীনত জিলাই জিলাই একোখনকৈ মহাবিদ্যালয় স্থাপন কৰি গুণগত শিক্ষাৰ সম্প্ৰসাৰণ ঘটাব বুলি প্ৰকাশ পাইছে। তদুপৰি অসমত এখন উন্নত মানৰ বিশ্ববিদ্যালয় স্থাপনৰ পৰিকল্পনাৰ বিষয়েও জানিব পৰা গৈছে। ইফালে ঠায়ে ঠায়ে চিকিৎসালয় স্থাপন কৰি সৰ্বসাধাৰণৰ সেৱা আগবঢ়াই যোৱাটো সৰ্বজনবিদিত। তাৰোপৰি মন্দিৰ, মছজিদ, নামঘৰ, মাদ্ৰাছা, স্কুল, গুৰুদ্বাৰ, ঈদগাহ, শ্মশান, কবৰস্থানকে আদি ধৰি জাতি-ধৰ্ম নিৰ্বিশেষে সকলো স্তৰৰ দুখীয়া মানুহৰ সেৱা কৰি গৈছে। বহুত ৰোগাক্ৰান্ত ব্যক্তিৰ চিকিৎসা, অধ্যয়নৰত মেধাবী ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ যাৱতীয় যাবতীয় খৰছ-পাতি বহন কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুউৱা প্ৰতিভাশালী যুৱক-যুৱতী তথা ছাত্ৰ-ছাত্ৰীৰ উত্তৰণৰ দ্বায়িত্বও মুৰ পাতি লোৱাটো কাৰো অগোচৰ নহয়। এনেহেন এগৰাকী দ্বায়িত্ববোধ থকা দ্বায়বদ্ধশীল ব্যক্তি চৰকাৰৰ অংশীদাৰিত্ব পালে অৱশ্যেই অসমৰ উন্নতি হ’ব বুলি একাংশই বিশ্বাস কৰে। এই সংক্ৰান্তত এআইইউডিএফৰ একাংশ নিষ্ঠাবান, নিৰপেক্ষ কাৰ্যকৰ্তাই কয় যে, জমিয়ত উলামা ই হিন্দ অসম ৰাজ্যিক সমিতিৰ সভাপতি তথা ভাৰতীয় সংসদ সদস্য মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দল চৰকাৰৰ অংশীদাৰ হলে দালালীৰ দপদপনি নিঃশেষ কৰা হ’ব। চৰকাৰী চাকৰী লাভৰ ক্ষেত্ৰত যোগ্যজনক অগ্ৰাধিকাৰ দিয়া হ’ব। ব্যৱসায়-বাণিজ্যৰ পৰিবেশ গঢ়ি তোলা হ’ব। সমাজত নাথাকিব ভয়-ভিতি। চুৰি-ডকাতিকে ধৰি সমাজৰ পৰা সমূলঞ্চে অপৰাধ, অসামাজিক কাৰ্য্যকলাপ নিৰ্মূল কৰা হ’ব। শৈক্ষিক পৰিৱেশ গঢ়ি তোলা হ’ব। সকলো ধৰ্মৰ মানুহেই ভাতৃত্ববোধ বজাই ৰাখি শান্তি আৰু নিৰাপদে থাকিব পৰা পৰিবেশ সৃষ্টি কৰা হ’ব। সকলো ধৰ্মৰ মানুহৰ বাবে সম অধিকাৰ, সম মৰ্যদা সুনিশ্চিত কৰা হ’ব। চৰকাৰী আঁচনি আৰু সংস্হাপনৰ ক্ষেত্ৰত বৈষম্য কৰা নহব। সমাজৰ পৰা হিংসা, বিদ্বেষ তথা অবিশ্বাসৰ ভাৱ নাইকীয়া কৰিবলৈ আহোপুৰুষাৰ্থ কৰা হ’ব, ইত্যাদি। যদি এনেকুৱাই হয় তেন্তে এআইইউডিএফৰ শলাগ লবই লাগিব। পিছে সময়তহে উৎঘাটন হ’ব, এআইইউডিএফৰ আচল চৰিত্ৰ, প্ৰকৃততে বদৰুদ্দিন আজমল অসমৰ বাবে আশীৰ্বাদ নে অভিশাপ।—
জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)
দূৰভাষ : ৯৭০৬৬-৬৬১৯২

About Debrata Pyne

Check Also

৭২ তম গণৰাজ্য দিবসত মৰিগাঁৱত পতাকা উত্তোলন কৰে মন্ত্ৰী পীয়ুজ হাজৰিকাই

সমগ্ৰ দেশৰ লগতে ৭২তম গণৰাজ্য দিৱসটি মৰিগাঁও জিলা প্ৰশাসনেও উলহ মালহেৰে উদযাপন কৰে। অনুষ্ঠানত মুখ্য …

Leave a Reply

Your email address will not be published. Required fields are marked *