Breaking News
Home / Morigaon / লাহৰিঘাটলৈ গৌৰৱ অধিবক্তা ৰেজউল কৰিমৰ

লাহৰিঘাটলৈ গৌৰৱ অধিবক্তা ৰেজউল কৰিমৰ

লাহৰিঘাটলৈ গৌৰৱ কঢ়িয়ালে এজন জেষ্ঠ অধিবক্তাই । প্ৰায় দহ বছৰ ধৰি সমাজসেৱাৰ লগত জড়িত থাকি শংকৰ – আজান সমন্ধয় বঁটা লাভ কৰি লাহৰিঘাটলৈ গৌৰৱ কঢ়িযাই আনিলে অধিবক্তা ৰেজাউল কৰিমে । বানপানীৰ সময়ত দুখীয়াক কাপোৰ দিয়া , সাহায্য দিয়া , লকডাউনৰ সময়ত দুখীয়াক সহায় কৰা , D ভোটাৰক সহায় কৰা , NRC ৰ সময়ত দুখীয়াক সহায় কৰা , মেধাৱী ছাত্ৰ ছাত্ৰীক কিতাপ , বেগ আদি প্ৰদান কৰি সহায় কৰাৰ লগতে সমাজৰ গঠনমূলক কামৰ বাবে সাহিত্য সমাজ সাংস্কৃতি ক সমাজ মঞ্চই অধিবক্তা ৰেজাউল্ কৰিমক এই বঁটা প্ৰদান কৰে । ৰাজ্য সভাৰ সাংসদ ভুবেনেশ্বৰ কলিতাই গুৱাহাটী PWD অডিটৰীয়ামত শঙ্কৰ আজান সমন্ধয় বঁটা -২০২০ প্ৰদান কৰি সন্মানিত কৰে লাহৰিঘটৰ সু – সন্তান অধিবক্তা ৰেজাউল কৰিমক । এই বঁটাৰ বাবে সমগ্ৰ লাহৰিঘটত আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে । ইতিমধ্যে লাহৰিঘাটৰ
সকলোৱে শুবেচ্ছা জনাইছে কৰিমক । আমাৰ তৰফৰ পৰাও সু – সন্তান ৰেজাইল কৰিমক শুবেচ্ছা জনালো ।

About Debrata Pyne

Check Also

প্ৰবল ঠাণ্ডাৰ সুযোগতে লাহৰীঘাটত ডিজিটেল চোৰৰ চাফাই অভিযান

সকলো ঠাইতে দিনক দিনে বৃদ্ধি পাব ধৰিছে ঠাণ্ডাৰ প্ৰকোপ । ৰাতি ঠাণ্ডাৰ প্ৰকোপ অতিকৈ বৃদ্ধি …

Leave a Reply

Your email address will not be published. Required fields are marked *