
ভিৰ ! হাজাৰ হাজাৰ লোকৰ ভিৰ । পিছে কিহৰ এই ভিৰ ? আপুনি হয়তো ভাবিছে কোনো জনপ্ৰতিনিধি বা হিৰো হিৰুইন আহিছে । কিন্তু এয়া আপোনাৰ ভুল ধাৰণা । পিছে কি এয়া ? চাওক আমাৰ লাহৰীঘাটৰ সাংবাদিক তামজিদুৰ ৰহমানে প্ৰেৰণ কৰা এক বিশেষ প্ৰতিবেদন ।
আপোনাৰ পেটৰ বিষ , মূৰৰ বিষ , পেৰালাইছিছ আদি বেমাৰ আছে নেকি ? যদি আছে তেন্তে আহক লাহৰীঘাটলৈ ।
পিছে ৰব ! কিয় কৈছোঁ জানেনে ? বিজ্ঞানৰ যুগতো লাহৰীঘাটত আবিৰ্ভাৱ হৈছে ঝাড়ু বাবাৰ । সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা কৰে বাবাই । এই বাবা জন হৈছে লাহৰীঘাটৰ তেঙাগুৰিৰ হবিবুৰ ৰহমান উৰফে হবিবুৰ পাগলা । ঝাড়ু বাবাই চকুৰ পলকতে আৰোগ্য কৰিব পাৰে বিভিন্ন ৰোগৰ পৰা । দুৰ দূৰণিৰ পৰা অজস্ৰ লোক আহিছে বাবাৰ ওচৰত। সম্পূৰ্ণ বিনামূলীয়া চিকিৎসাৰ বাবে ভিৰ কৰিছে হাজাৰ হাজাৰ লোকে । বহু লোকে আৰোগ্য লাভ কৰিছে বুলিও আমাক জানিব দিয়ে ।শিক্ষিত লোকেও চিকিৎসা কৰিবলৈ এৰা নাই বাবাৰ ওচৰত । পিছে এই বাবাই কেনেকৈ ভাল কৰে অজস্ৰ জনক ? কি যাদু আছে এই ঝাড়ু বাবাৰ হাতত ?বিজ্ঞানৰ যুগতো অজস্ৰ লোকে চিকিৎসাৰ বাবে ডাক্তৰৰ ওচৰত চিকিৎসা নকৰাকৈ ঝাড়ু বাবাৰ ওচৰত চিকিৎসা কৰাটো কিমান বিশ্বাসযোগ্য ? সঁচাকৈ ঝাড়ু বাবাই ৰোগৰ পৰা আৰোগ্য কৰিব পাৰে নেকি ?