Breaking News
Home / Morigaon / ৭২ তম গণৰাজ্য দিবসত মৰিগাঁৱত পতাকা উত্তোলন কৰে মন্ত্ৰী পীয়ুজ হাজৰিকাই

৭২ তম গণৰাজ্য দিবসত মৰিগাঁৱত পতাকা উত্তোলন কৰে মন্ত্ৰী পীয়ুজ হাজৰিকাই

সমগ্ৰ দেশৰ লগতে ৭২তম গণৰাজ্য দিৱসটি মৰিগাঁও জিলা প্ৰশাসনেও উলহ মালহেৰে উদযাপন কৰে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী পীয়ুজ হাজৰিকা সমন্নিতে মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, মৰিগাঁৱৰ উপায়ুক্ত লীনা দাস, আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলা । পুৱা ৯বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্ৰী গৰাকীয়ে ৷ উক্ত অনুষ্ঠানত
আৰক্ষী বাহিনী,অৰ্ধ সামৰিক বাহিনী মহাবিদ্যালয়ৰ NCC লগতে অভ্যাসন বিদ্যালয়য়ে কুচকাৱাজত অংশগ্ৰহণ কৰে৷ হস্ততাতঁ বস্ত্ৰ শিল্প ,পৌৰসভা,বন বিভাগ(ষষ্ঠ সংযোজন) মৰিগাঁও মীন বিভাগ,পানী যোগান আচনিঁ আদিৰ প্ৰদৰ্শন কৰা হয়৷ আনহাতে জিলাখনলৈ বিভিন্ন ক্ষেত্ৰত সুনাম কঢ়িয়াই অনা শ্ৰদ্ধেয় সকলক মন্ত্ৰী গৰাকীয়ে সম্বৰ্ধনা জনাই।
উল্লেখনীয় কথাটো হ’ল জিলা সমাজ কল্যাণ বিভাগৰ দ্বাৰা প্ৰতীক পট হিচাপে ৰাষ্ট্ৰীয় পোষণ মাহ,সুষম আহাৰ প্ৰদৰ্শিত কৰিবলৈ অনা গাড়ীখনৰ যান্ত্ৰিক বিজুতিৰ বাবে বিকল হৈ পেৰেড গ্ৰাউণ্ডৰ মাজ ভাগত ৰৈ থাকিব লগীয়া হোৱাত বিভাগটোৰ ফপুলা স্বৰূপটো ওলাই পৰিল।

About Debrata Pyne

Check Also

লাহৰীঘাটত ঝাড়ু বাবাৰ আবিৰ্ভাৱ

ভিৰ ! হাজাৰ হাজাৰ লোকৰ ভিৰ । পিছে কিহৰ এই ভিৰ ? আপুনি হয়তো ভাবিছে …

Leave a Reply

Your email address will not be published. Required fields are marked *