
গাঁওখনৰ এজনৰ ঘৰৰ পুখুৰীত উদ্ধাৰ হৈছে প্ৰকাণ্ড অজগৰটো।গাওঁখনৰ বিদ্যুৎ হাজৰিকা নামৰ যুৱকজনে উদ্ধাৰ কৰে প্ৰায় ৮ ফুট দৈঘ্যৰ¸ প্ৰায় ১৬ কেজি ওজনৰ অজগৰটো।গাওঁখনত উদ্ধাৰ হোৱা অজগৰটো চমজাই দিয়ে বনবিভাগৰ হাতত।পৰৱৰ্তী সময়ত বনবিভাগৰ লোকে শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে অজগৰ সাঁপটো।