Breaking News
Home / Morigaon / প্ৰবল ঠাণ্ডাৰ সুযোগতে লাহৰীঘাটত ডিজিটেল চোৰৰ চাফাই অভিযান

প্ৰবল ঠাণ্ডাৰ সুযোগতে লাহৰীঘাটত ডিজিটেল চোৰৰ চাফাই অভিযান

সকলো ঠাইতে দিনক দিনে বৃদ্ধি পাব ধৰিছে ঠাণ্ডাৰ প্ৰকোপ । ৰাতি ঠাণ্ডাৰ প্ৰকোপ অতিকৈ বৃদ্ধি পায় যাৰ বাবে ইচ্ছা অনুযায়ী টোপনি মাৰে আপুনি , নহয় নে বাৰু ? পিছে ৰব …. এনে টোপনিয়ে আন জনক কোটিপতি কৰি আপোনাক ভিক্ষাৰীত পৰিণত কৰিব পাৰে । এনে এক ঘটনা সংগঠিত হৈছে লাহৰীঘাটৰ দক্ষিণ টেঙাগুৰিত । ঠাণ্ডাৰ প্ৰকোপ আৰু হঠাৎ মাজৰাতি প্ৰবল বৰষুণ ৰ সুযোগত একে ৰাতিৰ ভিতৰতে তিনিটাকৈ বাসগৃহত ডিজিটেল চোৰে চলালে লুট পাট । তিনিওটা গৃহৰ পৰা দুটা মোবাইল ফোন , পোন্ধৰ হাজাৰ টকাৰ গহনা , নগদ বহু টকাও লৈ যোৱা বুলি আমাক জানিব দিয়ে । লগতে টেবুলত থকা তামোলৰ টোপুলাটোও নিবলৈ পাহৰা নাই চোৰে । চোৰে লগত লৈ অহা এটাকৈ দা , হাতৰি তবুলৰ ওপৰতে থৈ পলায়ন কৰে । এটা বাসগৃহৰ পৰা চাইকেল নি প্ৰায় ৫০ মিটাৰ দূৰত পেলাই থৈ যায় ডিজিটেল চোৰে । ভাগ্য ভাল চোৰৰ , নহলে আজি আমাৰ প্ৰতিবেদনৰ যোগেদি সমগ্ৰ অসমবাসীয়ে চাব পৰিলে হেঁতেন । ইতিমধ্য মূৰত হাত দিব লগা হৈছে পৰিয়াল কেইটাৰ সদস্যই । যিহেতু যোৱা লকডাউনৰ সময়ছোৱাত পৰিয়াল কেইটাই অধিক আৰ্থিক অনাটনৰ সন্মুখীন হৈছিল ।এতিয়া আকৌ অনাটন দুগুণ বৃদ্ধি পাইছে বুলি গাঁওখনৰ ৰাইজে জানিব দিয়ে ।

About Debrata Pyne

Check Also

৭২ তম গণৰাজ্য দিবসত মৰিগাঁৱত পতাকা উত্তোলন কৰে মন্ত্ৰী পীয়ুজ হাজৰিকাই

সমগ্ৰ দেশৰ লগতে ৭২তম গণৰাজ্য দিৱসটি মৰিগাঁও জিলা প্ৰশাসনেও উলহ মালহেৰে উদযাপন কৰে। অনুষ্ঠানত মুখ্য …

Leave a Reply

Your email address will not be published. Required fields are marked *