Breaking News
Home / Morigaon / প্ৰাক্তন মন্ত্ৰী তথা লাহৰীঘাট সমষ্টিৰ বিধায়ক ডা নজৰুল ইছলামৰ দুৰ্গত মোক্ষত আঘাত। কংগ্ৰেছ এৰি শাসকীয় বিজেপি দলত যোগদান প্ৰায় তিনি শতাধিক ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ পুৰুষ-মহিলাৰ। আগন্তুক বিধান সভা নিৰ্বাচনত লাহৰীঘাট সমষ্টিত ৰাজনৈতিক জীৱনৰ সামৰণি পৰিব নেকি? ডা নজৰুল ইছলাম।

প্ৰাক্তন মন্ত্ৰী তথা লাহৰীঘাট সমষ্টিৰ বিধায়ক ডা নজৰুল ইছলামৰ দুৰ্গত মোক্ষত আঘাত। কংগ্ৰেছ এৰি শাসকীয় বিজেপি দলত যোগদান প্ৰায় তিনি শতাধিক ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ পুৰুষ-মহিলাৰ। আগন্তুক বিধান সভা নিৰ্বাচনত লাহৰীঘাট সমষ্টিত ৰাজনৈতিক জীৱনৰ সামৰণি পৰিব নেকি? ডা নজৰুল ইছলাম।

আগন্তুক ২০২১ৰ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছ দলৰ ৪২ বছৰীয়া দুৰ্গ হিচাপে খ্যাত লাহৰীঘাট বিধান সভা সমষ্টিত কংগ্ৰেছ দলত আৰম্ভ হৈছে ব্যাপক খহনীয়া। বিগত ২৫ বছৰে লাহৰীঘাট সমষ্টিৰ বান-গৰা খহনীয়া, যাতায়ত ব্যৱস্থা, শিক্ষা ব্যৱস্থা ইত্যাদি কোনো এটা সমস্যাৰে স্থায়ীভাৱে সমাধান নকৰা প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ডা নজৰুল ইছলামৰ অকৰ্মণ্যতা আৰু দায়িত্বহীনতাত ক্ষোভিত হৈ লাহৰীঘাট সমষ্টিৰ তিনিচুকীয়া গাওঁ পঞ্চায়তৰ সমূহীয়া ভৱনত আয়োজিত শাসকীয় বিজেপি দলৰ যোগদান সভাত প্ৰায় তিনি শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ পুৰুষ-মহিলাই কংগ্ৰেছ দলৰ ত্যাগ কৰি বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। সভাখনত বিজেপি দলৰ নেতা সকলে প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ডা নজৰুল ইছলামক তীব্ৰ সমালোচনা কৰে। উল্লেখ্য যে একাংশই ধৰ্মীয় সংখ্যালঘু ভোটাৰক বিজেপি দলৰ ভয়-ভীতি প্ৰদৰ্শন কৰি আহিছে তেনে সময়তে নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত সংখ্যালঘু সম্প্ৰদায়ৰ পুৰুষ-মহিলাই বিজেপি দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদানে আগন্তুক বিধান সভা নিৰ্বাচনত যে বিধায়ক ইছলামৰ কাৰণে ভীষণ প্ৰত্যাহ্বান হব সেয়া এক প্ৰকাৰে নিশ্চিত।

About Debrata Pyne

Check Also

৭২ তম গণৰাজ্য দিবসত মৰিগাঁৱত পতাকা উত্তোলন কৰে মন্ত্ৰী পীয়ুজ হাজৰিকাই

সমগ্ৰ দেশৰ লগতে ৭২তম গণৰাজ্য দিৱসটি মৰিগাঁও জিলা প্ৰশাসনেও উলহ মালহেৰে উদযাপন কৰে। অনুষ্ঠানত মুখ্য …

Leave a Reply

Your email address will not be published. Required fields are marked *