Breaking News
Home / Nalbari / কু-সংস্কাৰ আৰু অন্ধ বিশ্বাসৰ বিৰুদ্ধে চামতা কামৰূপ মহাবিদ্যালয়ৰ বাটৰ নাট প্ৰদৰ্শন

কু-সংস্কাৰ আৰু অন্ধ বিশ্বাসৰ বিৰুদ্ধে চামতা কামৰূপ মহাবিদ্যালয়ৰ বাটৰ নাট প্ৰদৰ্শন

অন্ধ বিশ্বাস আৰু কু-সংস্কাৰৰ বলি হৈ ৰাজ্যত সঘনাই সংঘটিত হৈ থকা অমানবীয় কৰ্য বন্ধ কৰাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে নলবাৰীৰ চামতাৰ কামৰূপ মহাবিদ্যালয় শিক্ষক গোটে । অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিবেশৰ সহযোগত চামতা কামৰূপ মহাবিদ্যালয়ৰ উদ্যোগত কু-সংস্কাৰ আৰু অন্ধ বিশ্বাসৰ বিৰুদ্ধে মহাবিদ্যালয় খনৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ -ছাত্ৰী সকলে চামতাৰ পিছ পৰা বিভিন্ন অঞ্চলত বাটৰ নাট প্ৰদৰ্শন কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা অব্যাহত ৰাখিছে । ইয়াৰ অংশ হিচাপে আজি চামতাৰ কৈৱৰ্ত্ত চুবুৰীত বাটৰ নাট প্ৰদৰ্শন কৰি ৰাইজৰ প্ৰশংসা পাবলৈ সক্ষম হয় মহাবিদ্যালয় খনে । অন্ধ বিশ্বাসৰ বলি হৈ ডাইনি সন্দেহত হত্যা, ভূত-প্ৰেটৰ প্ৰতি বিশ্বাস, বোৱাৰী নিৰ্যাতন আদি বন্ধ কৰাৰ লগতে মদ-গাঞ্জা, ড্ৰাগছকে ধৰি নিচাযুক্ত দ্ৰব্য সেৱনৰ ভয়াবহতাৰ বিষয়ে ৰাইজক সজাগ কৰিবলৈ আজিৰে পৰা চামতাৰ বিভিন্ন অঞ্চলত বাটৰ নাট প্ৰদৰ্শন কৰিব কামৰূপ মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী সকলে । আজিৰ বাটৰ নাটত অভিনয় কৰে চামতা কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে প্ৰবাল চক্ৰবৰ্ত্তী, গুঞ্জন প্ৰতীম ভূঞা, কৌশিক পৰাশৰ, চানক্য ডেকা, কৃষ্ণ ডেকা, বিতোপন কাশ্যপ, জুৰি বৰ্মন, জয়শ্ৰী বৰ্মন, ভাগ্যশ্ৰী তালুকদাৰ, নয়নীতা তালুকদাৰ, স্পন্দিতা দেৱীয়ে । কুলদ্বীপ তালুকদাৰৰ ৰচনা, প্ৰজ্ঞা তালুকদাৰৰ নাট্যৰূপ আৰু ড: বিশ্বজিৎ দাসে পৰিচালনা কৰা বাটৰ নাট খন উদ্বোধন কৰে চামতা কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড: দেবেন্দ্ৰ কুমাৰ বেজবৰুৱাই । উক্ত অনুষ্ঠানত কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা ক্ৰমে ড: কবিতা চৌধুৰী, ড: ৰিতামনি দাস, ড: বৈজয়ন্তী ভট্টাচাৰ্য, ড: জুমি কলিতা, ড: ভবেন কাকতি, ড: সুবোধ কুমাৰ মিশ্ৰ ভাগৱতী, ড: চহিকী তালুকদাৰ, তিলক শৰ্মা, ম: মহিৰূল ইছলামৰ লগতে স্থানীয় ৰাইজে অংশ লয় ।

About Debrata Pyne

Check Also

অসম গণ পৰিষদ, নলৱাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা !

আজি দেশপ্ৰাণ নগেন শৰ্মা ভৱন নলৱাৰী জিলা সমিতিৰ কাৰ্য্যলয়ত অগপ দলৰ সাংগঠনিক স্থিতি সৱলীকৰণত গুৰুত্ব …

Leave a Reply

Your email address will not be published. Required fields are marked *