
তামাৰহাট থানাৰ অধীনত থকা সোনাহাটত নিশা অভিযান চলাই আৰক্ষীয়ে পাঁচজন লোকক আটক কৰে।
নিশা ম’বাইল গেমব্লিং জুৱা খেলি থকা সময়ত আৰক্ষীয়ে অভিযান চলাই আটক কৰে জুৱাৰী কেইজনক । সিহঁতৰ পৰা টকা আৰু অন্যান্য সামগ্ৰী জব্দ। লোক কেইজন হৈছে – হুছেইন আলী, আমিৰ হুছেইন জাহিদুল হক, আজিজুল হক, আবু হুছেইন । আজি আৰক্ষীয়ে গোটেই কেইজনক আদালত লৈ প্ৰেৰণ কৰে ।