
ক্ৰমাৎ প্ৰহসনত পৰিণত হোৱাৰ দিশত তীব্ৰ গতিৰে ৰাজ্যত চলিছে আধাৰকাৰ্ড প্ৰস্তুতৰ কাম। ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি চলি থকা এই চৰকাৰী কামৰ হাজাৰটা বিসংগতি শেহতীয়াকৈ ৰাজ্যেৰ চাৰিওফালে পোহৰলৈ অহাৰ পিছতো একো কান সাৰ নাই ৰাজ্য চৰকাৰৰ।
আধাৰ কাৰ্ডৰ মূল মাষ্টাৰ কাৰ্ডখন প্ৰস্তুত কৰি দিয়াৰ নামত যে এক ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে সেয়া আজিৰ দিনত স্পষ্ট।
মূলত সকলো পক্ষকে মেনেজ কৰি প্ৰতিটো চুকে কোনে কেন্দ্ৰ মুকলি কৰি একাংশ চৰকাৰী কৰ্মচাৰীয়ে ভেৰিফাইয়াৰ হিচাপে নিয়োজিত হৈ দিনৰ উপৰিও ৰাতিৰ ভাগতো সহজ সৰল সাধাৰণ শ্ৰেণীৰ লোকৰ পৰা ধনৰ বিনিময়ত ঘৰে ঘৰে গোপনভাৱে কাৰ্ড বনাই ৰমৰমীয়া বেহা চলাই ৰাইজক লুণ্ঠন কৰা পৰিলক্ষিত হৈছে।
প্ৰায় প্ৰতিটো কেন্দ্ৰতেই চৰকাৰী কৰ্মচাৰীসকলক ফেৰিফাইয়াৰ ৰূপত দেখা যায়।
আদৰ্শবান চৰকাৰী বিষয়াসকলে অৱশ্যে এই সুবিধাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি প্ৰতিটো চহীৰ বিনিময়ত ফৰ্মখিনি দালালক যোগান দি এক নিৰ্দিষ্ট পৰিমাণৰ ধনৰাশি নিজে ৰাখে আৰু বাকীখিন দালাল আৰু অপাৰেটৰৰ পকেটত সোমায়।
যিকোনো আধাৰ কাৰ্ডৰ কেন্দ্ৰত প্ৰৱেশ কৰিলে অৱশ্যে প্ৰথম অৱস্থাত এই কাৰ্যবিধি সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ বনোৱা হয় বুলি ধাৰণা হয়। বাকী, বিনামূলীয়াৰ আশা কৰাসকলে নিজৰ দৈনন্দিন কাম বাদ দি দিনৰ পিছত দিন ঘূৰি থাকিবলগীয়া হয়।
এয়া গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত কেইখনমান কেন্দ্ৰৰ প্ৰতিচ্ছবি। এনেদৰে মুকলিকৈ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি প্ৰস্তুত কৰিছে আধাৰ কাৰ্ড সমূহ।
প্ৰশাসনলৈ এ বি আমছু আৰু আমছুয়ে এই সন্দৰ্ভত দাবী উত্থাপত কৰি অতি সোনকালে এই দুৰ্নীতিসমূহ বন্ধ কৰাৰ আহ্বান জনায়। পৰিৱৰ্তনৰ চৰকাৰখনে এই বিষয়ত আগন্তক সময়ত কি পন্থা অবলম্ভন কৰিব এয়া হব অতিকৈ লক্ষণীয়।