যোৱা কালি ০৩/০১/২০২১ ইংৰাজী তাৰিখ ৰবিবাৰে অসম চৰকাৰৰ সুদক্ষ পৰিবহণ নিগম, উদ্যোগ,বানিজ্য,দক্ষতা বিকাশ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী আমাৰ সমষ্টিৰ গৌৰৱ শ্ৰদ্ধাৰ শ্ৰী যুত চন্দ্ৰ মোহন পাটোৱাৰী ছাৰ দেৱে ৩৮ নং গাওঁ পঞ্চায়তৰ অন্তৰ্গত অসম আদৰ্শ গ্ৰাম্য যোজনাৰ ২০১৮-২০১৯ অধীনত কঠালবাৰী আদৰ্শ গাঁওৰ আদৰণি তোৰন লগতে সৌৰ শক্তিৰে চালিত বিজুলী চাকিৰ আধাৰশিলা স্থাপন কৰিলে। উক্ত সভাত উপস্থিত থাকে নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ শ্ৰী নিতুল ডেকা ডাঙৰীয়া লগতে ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলা সভাপতি শ্ৰী মৃগাংক তালুকদাৰ , মধুপুৰ মন্দল যুৱ মৰ্চাৰ সভাপতি দ্বীপজৌতি বৈশ্য, বিজেপি মন্দল সভাপতি হিৰন্য বৰ্মন,৩৮ নং গাওঁ পঞ্চায়তৰ সভানেত্ৰী মঞ্জুৰানী দেবী, আঞ্চলিক সদস্য প্ৰিয়নাথ বৰ্মন,জিলা পৰিষদৰ সদস্য ভাস্কৰ শৰ্মা, জিলা বিজেপি ৰ সাধাৰণ সম্পাদক পুলক শৰ্মাআৰু বহুতো।
গতিকে উক্ত অনুষ্ঠানত উপস্থিত হোৱাৰ প্ৰাগক্ষনত মধুপুৰ মন্দল যুৱ মৰ্চা ৰ সভাপতি দ্বীপজৌতি বৈশ্য ৰ নেতৃত্বত এক বিশাল বাইক ৰেলিৰে শ্ৰদ্ধাৰ ছাৰক বানেকুছি দূৰ্গা মন্দিৰ প্ৰাংগনৰ পৰা আদৰি অনা হয়।সেয়েহে যুৱ মৰ্চা মধুপুৰ মন্দলৰ সকলো সদস্য তথা দলৰ সকলো কাৰ্যকৰ্তাক মই ধন্যবাদেৰে সোৱৰিলো।
Check Also
অসম গণ পৰিষদ, নলৱাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা !
আজি দেশপ্ৰাণ নগেন শৰ্মা ভৱন নলৱাৰী জিলা সমিতিৰ কাৰ্য্যলয়ত অগপ দলৰ সাংগঠনিক স্থিতি সৱলীকৰণত গুৰুত্ব …