Breaking News
Home / National / নতুন বছৰৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ক্ষেত্রত নিয়ম সলনি হোৱাৰ সম্ভাৱনা।

নতুন বছৰৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ক্ষেত্রত নিয়ম সলনি হোৱাৰ সম্ভাৱনা।

নতুন বছৰত সাধাৰণ জীৱনত বহু পৰিৱৰ্তন আহিব বুলি ধাৰণা কৰা হৈছে। আৰু ইয়াৰ প্ৰভাৱ প্ৰত্যক্ষ ভাবে পৰিব সাধাৰণ নাগৰিকৰ ওপৰত। জানিব পৰা মতে, গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত বহু নিয়ম সলনি কৰাৰ সম্ভাৱনা আছে। অনুমান কৰা হৈছে যে, অতি শীঘ্ৰে এল পি জি চিলিণ্ডাৰৰ দাম প্ৰতি সপ্তাহত ৰিভাইচ কৰা হ’ব। ডিচেম্বৰ মাহত এল পি জি চিলিণ্ডাৰৰ দাম প্ৰায় ১০০ টকা বৃদ্ধি পালে।
ডিচেম্বৰ মাহতে এলপিজি চিলিণ্ডাৰৰ দাম দুবাৰ ৰিভাইচ হৈছে। প্ৰথমে ১ ডিচেম্বৰ আৰু দ্বিতীয়বাৰ ১৬ ডিচেম্বৰত। আন্তৰ্জাতিক বজাৰত তেলৰ দাম আৰু ফৰেইন এক্সচেঞ্জ ৰেটৰ ওপৰত নিৰ্ভৰ কৰি এল পি জি চিলিণ্ডাৰৰ দাম নিৰ্ধাৰণ কৰা হয়। সূত্ৰৰ খবৰ অনুসৰি,এতিয়াৰ পৰা প্ৰতি সপ্তাহত এলপিজি গেছ চিলিণ্ডাৰৰ দাম প্ৰতি সপ্তাহত ৰিভাইচ কৰা হ’ব। কিন্তু এই পৰ্যন্ত এই সন্দৰ্ভত চৰকাৰী ভাবে কোনো কথা জনোৱা হোৱা নাই।
পেট্ৰ’ল ডিজেলৰ দাম যিদৰে প্ৰতিদিনে পুৱা ৬ বজাত সলনি কৰা হয়, ঠিক একেদৰে গেছ চিলিণ্ডাৰৰ দাম সলনি কৰা হ’ব পাৰে প্ৰতি সপ্তাহতে।

About Debrata Pyne

Check Also

নিৰ্মাণ হ’ব নতুন সংসদ ভৱন

৯৭১ কোটি টকাৰে নিৰ্মাণ হ’ব নতুন সংসদ ভৱন।বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *