
প্ৰেৰক কমলেশ বৰ্মন, আমাৰ অসম ডোতমা – জল জীৱন মিছনৰ অধিনত ঘৰে ঘৰে খোৱা পানী পাৰীক্ষা কৰাৰ বাবে প্ৰশিক্ষণ কোকৰাঝাৰ জিলাৰ দোতমাস্থ জনস্বাস্থ্য কাৰীকৰি বিভাগ সংমণ্ডলৰ কাৰ্য্যালয়ত আজি দিনৰ ১১ বজাৰ পৰা খোৱা পানী পৰীক্ষা কৰাৰ বাবে এক প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত হয় । উক্ত প্ৰশিক্ষনত ১২ টা ভিছিডিছিৰ ৬০ জন প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়ে । প্ৰশিক্ষণ লোৱা প্ৰশিক্ষাৰ্থী সকলে ভিছিডিছি অঞ্চলৰ ঘৰে ঘৰে গৈ ঘৰৰ খোৱা পানী পৰীক্ষা কৰিব লাগিব । আজিৰ প্ৰশিক্ষণ অনুষ্ঠানত উপস্থিত থাকে জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ জল জীবন মিছন কোকৰাঝাৰ জিলা নডাল বিষয়া মনোজ নন্দি , সহকাৰী অভিযন্তা সনত কুমাৰ মেধি , কিশোৰ ৰায় , আদিৰ লগতে চিবিচি এছ বিএমৰ সুমিত্ৰা ব্ৰহ্ম ৰ অইন অইন বিষয় ববীয়া সকলেও ।