Breaking News
Home / Nalbari / অসম লোক সেৱা আয়োগত ২৬ নম্বৰ স্থান দখল কৰি নলবাৰী জিলা লৈ সুনাম কঢ়িয়াই আনিলে তুলসী ৰঞ্জন কলিতাই ।

অসম লোক সেৱা আয়োগত ২৬ নম্বৰ স্থান দখল কৰি নলবাৰী জিলা লৈ সুনাম কঢ়িয়াই আনিলে তুলসী ৰঞ্জন কলিতাই ।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ২৬ সংখ্যক স্থান দখল কৰি নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে বৰভাগৰ সু-সন্তান তুলসী ৰঞ্জন কলিতাই। বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধক্ষ্য ৰজত চন্দ্ৰ কলিতা আৰু শ্বহীদ মুকুন্দ কাকতি বিদ্যাপীঠ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰীণা মজুমদাৰ কলিতাৰ পুত্ৰ তুলসী ৰঞ্জন কলিতাৰ এই সাফল্যত নলবাৰী জিলাৰ লগতে সমগ্ৰ বৰভাগ অঞ্চলত আনন্দৰ জোৱাৰ উঠিছে। পূৰ্বে বেংকত কৰ্মৰত তুলসী ৰঞ্জন কলিতাই এই পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ গভীৰ অধ্যয়নত ব্ৰতী হৈছিল আৰু এই সফলতাৰ আঁৰত থকা ভগৱানৰ আশীৰ্বাদ, দ্বিতীয়তে তেখেতৰ পিতৃ-মাতৃ, সহধৰ্মিণী, পৰিয়ালবৰ্গৰ উপদেশ-সহযোগীতা আৰু সমূহ শুভাকাংক্ষীৰ শুভ কামনাৰ কথা স্বীকাৰ কৰে। লগতে আটাইলৈ ধন্যবাদ জ্ঞাপন কৰে ২৬ সংখ্যক স্থান প্ৰাপ্ত তুলসী ৰঞ্জন কলিতাই। নৱপ্ৰজন্মক সৎ পথেৰে নিষ্ঠা সহকাৰে আগুৱাই যাবলৈ উপদেশ আগবঢ়াই তুলসী ৰঞ্জন কলিতাই। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ সাংগঠনিক সম্পাদক তাজিমউদ্দিন আহমেদ তুলসী ৰঞ্জন কলিতাৰ নলবাৰীস্থিত গৃহত উপস্থিত হৈ গামোচা আৰু ফুলৰ থোপাৰে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

About Debrata Pyne

Check Also

অসম গণ পৰিষদ, নলৱাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা !

আজি দেশপ্ৰাণ নগেন শৰ্মা ভৱন নলৱাৰী জিলা সমিতিৰ কাৰ্য্যলয়ত অগপ দলৰ সাংগঠনিক স্থিতি সৱলীকৰণত গুৰুত্ব …

Leave a Reply

Your email address will not be published. Required fields are marked *