
নলবাৰী জিলাৰ বেচৰকাৰী স্বেচ্ছাসেৱী এন জি অ সৃষ্টি মাল্টি ডেভেলপমেন্ট অৰ্গেনাইজেছনৰ উদ্যোগত আৰু উক্ত NGO ৰ সভাপতি হিৰণ্য বৰ্মনৰ নেতৃত্বতআজি শংকৰদেৱ শিশু নিকেতন চেংনৈ ত এখন মহিলা সাবলীকৰনৰ ওপৰত সজাগতা সভা অনুষ্ঠিত হৈ যায় ।
অৱসৰপ্ৰাপ্ত শিক্ষক চানাৰাম দাসৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাখন আত ধৰে সৃষ্টি সংগীত বিদ্যালয়ৰ অধ্যক্ষ প্ৰতুল ৰাজবংশীয়ে। উক্ত সজাগতা সভাত ডা : নয়নজ্যোতি বৰ্মন , পশু চিকিৎসক সূৰেন্দ্ৰ শৰ্মা , সমাজকৰ্মী অনিল কলিতা , মনোৰঞ্জন ভাগৱতীকে ধৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে । উক্ত সজাগতা সভাতে অঞ্চলটোৰ কৃতি শিক্ষক ক্ৰমে দেবেন্দ্ৰ কলিতা , দধীৰাম কলিতা , ত্রৈলোক্য গোস্বামী , লাৱেন্য গোস্বামী , সমাজকৰ্মী মহেন্দ্ৰ হালৈক ফুলাম গামোচা , জাপি , মানপত্রৰে সম্বন্ধনা জনোৱা হয় ।
সভাত মুখ্য অতিথি ৰ আসন গ্ৰহণ কৰি বিশিষ্ঠ সমাজ সেৱক তিলক চন্দ্ৰ দাসে মহিলা সব লী কৰণৰ ওপৰত সুন্দৰ বক্তব্য আগবঢ়াই কয় যে মহিলা সকল স্বাৱলম্বী হবলৈ আৰ্থিক দিশত টনকিয়াল হব লাগিব।আৰ্থিক দিশত উন্নত হলেহে তেখেত সকল সৱল হব।
আনহাতে ডাক্টৰ নয়ন বৰ্মনে মহালয়া সকলৰ স্বাস্থ্যৰ ওপৰত বিতংকৈ বক্তব্য আগবঢ়াই।
উল্লেখ্য যে উক্ত অনুষ্ঠানটো সফল সামৰনী পৰাৰ বাবে সৃষ্টিৰ সংগীত বিদ্যালয়ৰ সম্পাদক তথা সাংবাদিক কালিন্দ্ৰ কুমাৰ বৰ্মনে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।