
আজি ধুবুৰী জিলাৰ তামাৰহাটত আমচুৰ উদ্দোগত ‘মানুহে মানুহৰ বাবে’ এক প্ৰসংশনীয় অনুষ্ঠান সম্পন্ন হয়। জিলা খনৰ তামাৰহাট, ডিংডিঙা আৰু কুমাৰগঞ্জ আঞ্চলিক আমচুৰ উদ্দোগত তথা ধুবুৰী জিলা আমচুৰ সহযোগত তামাৰহাট দুৰ্গা মন্দিৰ প্ৰাঙ্গণত মানুহ মানুহৰ বাবে’ এক অনুষ্ঠানৰ জৰিয়তে প্ৰকোপ ঠাণ্ডাৰ পৰা কিছু সকাহ দিবলৈ তিনিখন আঞ্চলিকৰ বিভিন্ন কৰ্মী সকলে তেনেই দৰীদ্ৰ লোকৰ মাজত কম্বল বিতৰণ কৰে আমচুৰ কৰ্ম কৰ্তা সকলে। আজিৰ অনুষ্ঠান খনত বিভিন্ন আঞ্চলিক আমচুৰ কৰ্ম কৰ্তা সকলে উপস্থিত থকাৰ উপৰি জিলা পৰ্য্যায়ৰ কৰ্মকৰ্তাৰ লগতে আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰ উপস্থিত থাকি বিভিন্ন বিষয়ৰ উপৰত আলোচনা আগবঢ়োৱাৰ উপৰি শিক্ষাৰ উপৰত বিশেষকৈ আলোচনা আগবঢ়ায়।

আজিৰ আঞ্চলিক আমচুৰ মুকলি সভাখনত অলপতে আঞ্চলিক কমিটী গঠণ হোৱাত আজি সভাখনত শপত বাক্য পাঠ কাৰ্য্য সম্পন্ন হয়। আমচুৰ কৰ্ম কৰ্তা সকলে এনে পদক্ষেপ গ্ৰহণ কৰাত তথা দুখীয়া ৰাইজৰ মাজত কম্বল বিতৰণ কৰাত সচেতন ৰাইজে ভুয়োসি প্ৰশংসা কৰিছে।