
সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ প্ৰশাসনিক বিষয়া কৰ পৰিদৰ্শক ৰূপে নিৰ্বাচিত।
দীৰ্ঘ দিনৰ বিৰতি পিচত কলিয়াবৰৰ ৰাজীৱ ভাগৱতীয়ে অসম লোকসেৱা আয়োগৰ প্ৰশাসনিক পৰীক্ষাত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
কলিয়াবৰৰ শ্ৰীশ্ৰীশ্ৰৱণী সত্ৰ নিৱাসী প্ৰয়াত তিলক ভাগৱতী আৰু বিজু ভাগৱতী পুত্ৰ ৰাজীৱ ভাগৱতীয়ে কলিয়াবৰৰ মাধৱ মজলীয়া বিদ্যালয়ত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সফলতাৰে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
কলিয়াবৰ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত ভৰ্তি হৈ সফলতাৰে গণিত বিষয় স্নাতক ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা একে বিষয়ৰ স্নাতকোত্তৰ ৰাজীৱ বৰ্তমান বিশ্ববিদ্যালয়ৰ গৱেষকৰ ছাত্ৰ।
সৰুৰে পৰা বিভিন্ন দিশত প্ৰতিভাৰ স্বাক্ষৰ বহন কৰা ৰাজীৱৰ এই সফলতাত সুখী যদিও আৰু উন্নত ফলাফলৰ আশা কৰিছিল। সেয়ে পুণৰ লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আশা পুহি ৰাখিছে ৰাজীৱে।
ভৱিষ্যতে কলিয়াবৰৰ দৰে এক গ্ৰাম্যাঞ্চলত প্ৰতিযোগিতামূলক পৰীক্ষাকেন্দ্ৰীক এক পৰিৱেশ গঢ় দিয়াৰ বাবে আগ্ৰহী ৰাজীৱ বৰ্তমান কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ শিৱিৰৰ লগত জড়িত হৈ আছে।
উল্লেখযোগ্য যে, ৰাজীৱে শিক্ষা গ্ৰহণ কৰা মাধৱ মজলীয়া বিদ্যালয়ৰ পৰা পূৰ্বতেও দুই ভাতৃ নৃপেন্দ্ৰ কুমাৰ মহন্ত আৰু ৰঞ্জিত কুমাৰ মহন্তইও অসম লোক সেৱা আয়োগৰ পৰা প্ৰশাসনিক বিষয়া ৰূপে নিৰ্বাচিত হৈছিল।