
জুই যিকোনো ঠাইত যিকোনো সময়ত জ্বলি উঠিব পাৰে। হঠাৎ জুই জ্বলি উঠিলে কি কৰিব। জুই লাগিলে কি কৰিব , জুই নুমোৱা সঁজুলি এষ্টিংগুইচাৰ কিদৰে ব্যৱহাৰ কৰিব এই সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে অসম চৰকাৰৰ অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা বিভাগে এলানি কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীৰ অংশ হিচাবে শিলঘাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সজাগতা সভা আৰু ম’ক ড্ৰিল ৰ আয়োজন কৰা হয়। জুই লাগিলে বিশেষত চিকিৎসালয়ত জুই লাগিলে কেনেধৰণৰ ব্যবস্থা গ্ৰহণ কৰিব লাগে তাৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰাৰ লগতে জুই জুই নুমোৱাবলৈ এষ্টিংগুইচাৰ কি দৰে ব্যৱহাৰ কৰিব লাগে তাৰ প্ৰদৰ্শন কৰা হয়। কলিয়াবৰ অগ্নি নিৰ্বাপক বাহিনীৰ উদ্যোগত আয়োজিত এই সজাগতামূলক অনুষ্ঠানত চিকিৎসালয় খনৰ চিকিৎসক, চিকিৎসা কৰ্মী ৰ লগতে স্থানীয় ছাত্ৰ ছাত্ৰী সকলেও অংশগ্ৰহণ কৰে।