
লাহৰীঘাটৰ দক্ষিণ চেনিমাৰীত গাঁৱত বিধ্বংসী অগ্নিকাণ্ড। ৬ টাকৈ বাসগৃহৰ লগতে ১০ লক্ষাধিক টকাৰ সা-সামগ্ৰী অগ্নিকাণ্ডত ভস্মীভূত। স্থানীয় ৰাইজৰ তৎপৰতাত ৱাটাৰ পাম্পৰ সহায়ত অগ্নিনিৰ্বাপন।
মৰিগাঁও জিলাৰ লাহৰিঘাট আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ চেনিমাৰী গাঁৱত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডটোত মুঠ ৬ টাকৈ পৰিয়ালৰ বাসগৃহ জুইত জাহ যোৱাৰ লগতে ১০ লক্ষাধিট টকাৰ সা-সম্পত্তি অগ্নিকাণ্ডটোত সম্পূৰ্ণ ৰূপে ভস্মিভূত হয়।আক্কাছ আলী, মুস্তফা আহমেদ, নিজাম উদ্দিন, নজমুল হক আৰু আছমা বেগম নামৰ লোক কেইজনৰ বাসগৃহ এই অগ্নিকাণ্ডটোত সম্পূৰ্ণ ৰূপে ভূষ্মিভূত । অগ্নিকাণ্ডৰ সূত্ৰপাত সম্পৰ্কে এতিয়ালৈকে জানিব পৰা হোৱা নাই। অৱশেষত স্হানীয় ৰাইজে ৱাটাৰ পাম্পৰ জৰিয়তে জুই নিমাবলৈ সক্ষম হয় যদিও সা-সম্প্ৰতি অগ্নিকাণ্ডটোৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে।