
আজি দেশপ্ৰাণ নগেন শৰ্মা ভৱন নলৱাৰী জিলা সমিতিৰ কাৰ্য্যলয়ত অগপ দলৰ সাংগঠনিক স্থিতি সৱলীকৰণত গুৰুত্ব প্ৰদান কৰি গুৰুত্বপূৰ্ণ ভাষণ দিয়ে অগপৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য দিলীপ কুমাৰ দাসে…দলটোৰ ভৱিষ্যতৰ স্থিতি সৱলীকৰণৰ কাৰণে বিভিন্ন গঠনাত্মক বক্তৃতা প্ৰদান কৰে নেতাগৰাকীয়ে… নলৱাৰীবাসীৰ মনত সোমায় থকা জাতীয় চেতনায়েই যে অগপক আগন্তুক নিৰ্বাচনত বিপুল ভোটত জয়ী কৰাব বুলিও সেই দিলীপ কুমাৰ দাসে মন্তব্য প্ৰকাশ কৰে । লগতে অসম গণ পৰিষদ দলৰ কেইবাজনো কেন্দ্ৰীয় সমিতিৰ বিয়ষ ববীয়া উপস্থিতিত আগন্তুক বিধান সভাৰ নিৰ্বাচনত দিলীপ কুমাৰ দাস প্ৰাৰ্থীত্বৰ দাবী প্ৰদান কৰি প্ৰস্তাৱ গ্ৰহণ কৰে ।
কেমেৰা পাৰ্চন দীপু দাসৰ সহযোগত কৃষ্ণ বৈশ্য ৰিপোৰ্ট নলবাৰী।।।