ৰাজ্যত ব্যাপক হাৰত বাঢ়িছে গৰু-ম’হৰ অবাধ বেহা। নগাঁও জিলাৰ চামগুৰিৰ আমনিত নিশা ।
উজনি অসমৰ দিশৰ পৰা নগাঁও অভিমুখে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা অৱস্থাত গোপন সূত্ৰৰ খবৰ অনুসৰি চামগুৰি আৰক্ষী, জখলাবন্ধা আৰক্ষী, আৰু বাগৰী আৰক্ষীৰ এটি দলে চামগুৰি থানাৰ সন্মুখত বেৰিকেড লগাই নিশা বাহন কেইখন জব্দ কৰাৰ চেষ্টা চলায় ।
আৰক্ষীৰ উক্ত অভিযানৰ বিষয়ে উমান পাই চামগুৰিৰ আমনিত AS-01LC-1816, AS-07AC-8059 আৰু AS-01LC-3346 নম্বৰৰ ট্ৰাক কেইখন এৰি চালক আৰু হেণ্ডিমেন কেইজনে পলায়ন কৰে।