মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰী
মাদ্ৰাছা বন্ধ কৰিবলৈ বৰ্তমানৰ চৰকাৰখনে যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই কথাৰ ওপৰত ৰাজা ফাউণ্ডেশ্যন, অসমৰ যোৱা ১৪ ডিচেম্বৰ তাৰিখে এখন সভা অনুষ্ঠিত হৈ যায়৷ সভাত বিষয়টি সন্দৰ্ভত গভীৰভাৱে অধ্যয়ন কৰি আৰু গৱেষণামূলক অধ্যয়ন সম্পন্ন কৰে৷ সংগঠনটোৰ সভাপতি মৌলানা আলহাজ মুহাম্মাদ আজিমুদ্দিন আহমেদ ৰেজৱী আৰু সম্পাদক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰীয়ে উল্লেখ কৰে যে, মাদ্ৰাছা প্ৰতিষ্ঠাৰ বাবে অসম বিধানসভাত কেইবাখনো বিল পাছ হৈছিল৷ এই বিলকেইখন অনুসৰি অসম মাদ্ৰাছা বোৰ্ড গঠন হৈছিল আৰু তাৰ অধীনত মাদ্ৰাছাসমূহ বিশেষকৈ ছিনিয়ৰ মাদ্ৰাছা, হাই মাদ্ৰাছা সমূহ প্ৰতিষ্ঠাৰ অনুমতি প্ৰদান কৰা হৈছিল আৰু প্ৰাদেশিকীকৰণ কৰা হৈছিল৷ লগে লগে ইয়াৰ পাঠ্যক্ৰম সমূহো নিৰ্ধাৰণ কৰি অনুমোদন জনোৱা হৈছিল৷ ইয়াত থকা পাঠ্যক্ৰমৰ দুটা শাখা সাধাৰণ শিক্ষা আৰু আধ্যাত্মিক শিক্ষা ভাৰতীয় সংবিধানত উল্লেখিত শিক্ষাৰ অধিকাৰ আৰু ধৰ্মৰ অধিকাৰৰ ভিত্তিত সাব্যস্ত কৰা হৈছে৷ পিছে বৰ্তমানৰ চৰকাৰখনে ভাৰতীয় সংবিধানৰ উক্ত অধিকাৰ সমূহ উলংঘা কৰাৰ লগতে সদনত পাছ হোৱা বিলখনকো অৱমাননা কৰা বুলি সংগঠনটোৱে মত প্ৰকাশ কৰে৷ সেয়ে চৰকাৰখনক এনে হঠকাৰী সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকি সমূহ ভাৰতীয় নাগৰিক সকলৰ মাজত সুবিধাৰ সমবিতৰণ, সমতা, ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পিছলি যোৱাৰ বিপৰীতে এক ইতিবাচক ভূমিকা গ্ৰহণ কৰিবলৈও আহ্বান জনায়৷ অন্যথা অসমৰ মুছলমানসকলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্তকৰণ তথা সুতীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সংগঠনটোৱে প্ৰকাশ কৰে৷
মাদ্ৰাছা বন্ধ কৰাৰ বাবে অসমৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যি যুক্তি দিছে সেয়া সঠিক নহয়, কাৰণ তেওঁৰ মতে অসমত অনেক ধৰ্ম সম্প্ৰদায় আছে৷ তেওঁলোকৰ মাজত সমতা অনাৰ সকলোতকৈ ডাঙৰ উপায় হ’ল মাদ্ৰাছাত ক্বুৰআনৰ ওপৰত যি বিষয় পঢ়োৱা হয় সেয়া বন্ধ কৰা৷ কথাটো খুবেই অযুক্তিকৰ আৰু হাস্যকৰ! কাৰণ প্ৰথম কথা হ’ল, মন্ত্ৰী মহাশয়ে তেনেহ’লে মানি ল’লে যে সংখ্যালঘু মুছলিমসকলৰ শিক্ষা প্ৰতিষ্ঠানত চৰকাৰী সাহায্য দিয়া সংবিধানসন্মত৷ যিহেতু অন্যান্য সম্প্ৰদায়ক সেই সুবিধা দিয়া হোৱা নাই৷ সেয়ে মুছলিমসকলৰ শিক্ষা প্ৰতিষ্ঠান বন্ধ কৰা হওক৷ কি অদ্ভুত যুক্তি! হায়, নাহাঁহি নোৱাৰি৷
কিন্তু প্ৰকৃত ঘটনা হ’ল কেৱল অসমতেই নহয় সমগ্ৰ ভাৰতবৰ্ষত বিভিন্ন সম্প্ৰদায়ৰ নিজৰ কৃষ্টি-সংস্কৃতি, ঐতিহ্য বচাবৰ বাবে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ বিলাকে সেই সম্প্ৰদায়ৰ প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানবোৰক কেৱল চৰকাৰী আৰ্থিক সাহায্যই নিদিয়ে বৰং বহুক্ষেত্ৰত চৰকাৰে মাটি কিনি শিক্ষানুষ্ঠান বনাই দি পৰিচালনা কৰি আহিছে৷ শিখ সম্প্ৰদায়ৰ নিজস্ব ভাষা গুৰমুখী প্ৰচাৰ আৰু শিক্ষাৰ বাবে চৰকাৰে আৰ্থিক সাহায্য আগবঢ়াই৷ জৈনসকলৰ ধৰ্মীয় ঐতিহ্য বচাবৰ বাবে বিভিন্ন চৰকাৰে আৰ্থিক ব্যয় বহন কৰে৷ চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গত তৃণমূল কংগ্ৰেছ ক্ষমতাত অহাৰ পিছত চাওতালসকলৰ নিজস্ব ভাষা অলচিকি, যাতে তেওঁলোকে সেই ভাষাৰ দ্বাৰা তেওঁলোকৰ ধৰ্ম ইত্যাদি চৰ্চা কৰে তাক স্বীকৃতি দিয়া হৈছে৷ চৰকাৰী আৰ্থিক সাহায্যত চাওতালি ভাষা উন্নয়ন পৰিষদে সেয়া পৰিচালনা কৰে৷ এনেকি আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ বনাঞ্চলত খুব কম সংখ্যক যি আদিম শ্ৰেণীৰ মানুহে বাস কৰে, তেওঁলোকৰ নিজস্ব সভ্যতা বচাই ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে বহু অৰ্থ ব্যয় কৰে৷ এনেধৰণৰ উদাহৰণ প্ৰচুৰ আছে৷ লেখাটোৰ কলেবৰ বৃদ্ধিৰ কাৰণে উল্লেখ নকৰিলো৷
বিশেষ সম্প্ৰদায়ৰ কৃষ্টি-সংস্কৃতি আৰু ধৰ্মীয় বিষয় ৰক্ষাৰ বাবে চৰকাৰী অৰ্থ দিয়া নহয় বোলাটো এটা গোকাট মিছা কথা, বিভ্ৰান্তিকৰ আৰু উদ্দেশ্যপ্ৰণোদিত৷ সেয়ে অন্যান্য ধৰ্ম সম্প্ৰদায়ৰ যদি কিছু সংবিধানসন্মত চাহিদা থাকে তেনেহ’লে অসম চৰকাৰে সেইবিলাক পূৰণ কৰাৰ চেষ্টা কৰক৷ তাৰ পৰিৱৰ্তে সংখ্যালঘু মুছলিম সম্প্ৰদায়ৰ শত শত বছৰ আগত প্ৰতিষ্ঠা কৰা মাদ্ৰাছা শিক্ষা ব্যৱস্থাক ধ্বংস কৰাটো কিমানদূৰ সমীচীন? উল্লেখ্য যে অসমৰ সংস্কৃত টোলবিলাকক কুমাৰ ভাস্কৰবৰ্মা বিশ্ববিদ্যালয়ৰ অধীনত অনা হ’ব৷ এইটো ভাল কথা৷ কিন্তু টোলবিলাকত সংস্কৃত ভাষাৰ বাহিৰেও হিন্দু সম্প্ৰদায়ৰ ধৰ্মীয় শিক্ষা, ধৰ্মচৰ্চাৰ পদ্ধতি সহ বিভিন্ন ধৰ্মগ্ৰন্থ পঢ়োৱা হয় সম্পূৰ্ণ চৰকাৰী অৰ্থৰে৷ সেই ক্ষেত্ৰত কোনোৱে আপত্তি নকৰে৷ এনেকি যিহেতু টোল, সেয়ে ভাগৱৎ গীতা ইত্যাদিৰ লগত বাইবেল, গ্ৰন্থচাহিব, ত্ৰিপিটক বা অন্যান্য ধৰ্মগ্ৰন্থ পঢ়োৱাৰ দাবীও কোনোৱে নকৰে৷ কেৱল মাদ্ৰাছাত ক্বুৰআনৰ লগত কিয় ভাগৱৎ গীতা, বাইবেল পঢ়োৱা নহ’ব সেই দাবী তোলা হৈছে৷ মাদ্ৰাছাত আচলতে কি পঢ়োৱা হয়? চৰকাৰৰ অনুমোদিত মাদ্ৰাছাত মাতৃভাষা, ইংৰাজী, অংক, বিজ্ঞান, ইতিহাস, কম্পিউটাৰ তথা সাধাৰণ বিষয়বিলাক পঢ়োৱা হয়৷ অতিৰিক্ত হিচাপে আৰবী, ইছলামী ধৰ্মতত্ত্ব আৰু ইছলামী ইতিহাস পঢ়োৱা হয়৷ এই পাঠ্যক্ৰম ইউজিচি স্বীকৃত সকলো বিশ্ববিদ্যালয় সহ সমস্ত চাকৰি সংক্ৰান্তীয় পৰীক্ষাৰ সংস্থাবিলাকৰ দ্বাৰা স্বীকৃত৷ সেয়ে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাছা শিক্ষাব্যৱস্থাক বন্ধ কৰাৰ অৰ্থ হ’ল ইউজিচি সহ দেশৰ উচ্চ শিক্ষা ব্যৱস্থাৰ এটা গতিশীল আৰু সৰ্বজন স্বীকৃত ধাৰাক আঘাত কৰা৷
এই সম্পৰ্কত ভাৰতীয় সংবিধানৰ বক্তব্য উল্লেখযোগ্য৷ সংবিধানৰ ২৯ আৰু ৩০ ধাৰাৰ বিভিন্ন অনুচ্ছেদত ধৰ্মীয় আৰু ভাষাগত সংখ্যালঘুসকলক সুৰক্ষা দিয়াৰ কথা কোৱা হৈছে৷ এই হিচাপেও চৰকাৰ মাদ্ৰাছা শিক্ষা ব্যৱস্থাক চলাবলৈ বাধ্য৷ কাৰণ কোনো সম্প্ৰদায়ৰ ধৰ্মীয় পৰিচয়েই হ’ল তেওঁলোকৰ সম্প্ৰদায়গত পৰিচয়৷ যদি সেই সম্প্ৰদায়ৰ ধৰ্মীয় বিষয়বিলাক সংৰক্ষণ কৰা নহয় তেনেহ’লে সেই সম্প্ৰদায়ৰ অস্তিত্বই সংকটৰ গৰাহত পৰিব আৰু দেশৰ সমস্ত সম্প্ৰদায়ক সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰ৷ সেয়ে কোনো চৰকাৰে কেৱল মুছলিমৰেই নহয়, কোনো সম্প্ৰদায়ৰ ধৰ্মীয় শিক্ষাৰ কোনো ধাৰাকেই বন্ধ কৰিব নোৱাৰে৷
সংবিধানৰ ৩০ ৰ ২ ধাৰাত সংখ্যালঘু সকলৰ শিক্ষা প্ৰতিষ্ঠানক আৰ্থিক সাহায্য দিয়াৰ বিষয়টো স্পষ্ট কৰিছে৷ তাত কোৱা হৈছে, ভাষাগত অথবা ধৰ্মীয় ভাৱে সংখ্যালঘু প্ৰতিষ্ঠান বিলাকত আৰ্থিক বা অন্যান্য সাহায্য দিয়াৰ ক্ষেত্ৰত কোনোধৰণৰ বঞ্চনামূলক আচৰণ কৰা নহ’ব৷ সংবিধানৰ আদেশ, বৈধ নাগৰিক সমাজৰ প্ৰয়োজনীয় চাহিদা অনুযায়ী দেশৰ মাদ্ৰাছা শিক্ষা ব্যৱস্থা চালু ৰখা, মাদ্ৰাছা শিক্ষা উন্নীত কৰা ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ আৱশ্যকীয় দায়িত্ব৷ সেয়ে কেৱল অসমে নহয় কোনো চৰকাৰৰে মাদ্ৰাছা শিক্ষা বন্ধ কৰাৰ অধিকাৰ নাই৷
সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমৰ চৰকাৰী সাহায্যপ্ৰাপ্ত মাদ্ৰাছাসমূহ বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তটো প্ৰত্যাহাৰ কৰিব লাগে৷ এই মাদ্ৰাছা সমূহে ৩৪% মুছলমান অধ্যুষিত অসমৰ মুছলমান ছাত্ৰ-ছাত্ৰী সকলক অংক, ইংৰাজী, সাধাৰণ বিজ্ঞান, সমাজবিজ্ঞান ইত্যাদি বিষয়ৰ শিক্ষাদানৰ লগতে সামাজিক আৰু আধ্যাত্মিক বিষয়ত শিক্ষা দান কৰা হয়৷ যাৰ ফলত শিক্ষাৰ দিশত পিছপৰা অসমীয়া মুছলমান সকলক মাদ্ৰাছা সমূহে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে৷ এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ লগতে মাদ্ৰাছা সমূহৰ জৰিয়তে হাজাৰ হাজাৰ নিবনুৱা যুৱকেও চাকৰি প্ৰাপ্ত হৈ অসমৰ নিবনুৱা সমস্যাক সমাধান কৰাতো মাদ্ৰাছা সমূহৰ ভূমিকা অনস্বীকাৰ্য৷ তদুপৰি অকল আধ্যাত্মিক শিক্ষাৰে শিক্ষা দিয়াৰ বিপৰীতে মাদ্ৰাছা সমূহে আধুনিক বিজ্ঞান, প্ৰযুক্তিবিদ্যা আদিৰ শিক্ষা দি সম্প্ৰদায়টোক সভ্যতাৰ এঢাপ ওপৰলৈ নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ সেয়ে মাদ্ৰাছা সমূহ চৰকাৰে অৱহেলা কৰি বন্ধ কৰাৰ পৰিৱৰ্তে নতুন নতুন সা-সুবিধা প্ৰদান কৰি মাদ্ৰাছা সমূহ আধুনিকীকৰণ কৰাত গুৰুত্ব প্ৰদান কৰিব লাগে৷