Breaking News
Home / Udalguri / Bhergaon wild elephant destroy house

Bhergaon wild elephant destroy house

এই দৃশ্য ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত ২ নং উত্তৰ ডিমাকুছি গাঁৱৰ ৷ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্যৰ খাদ্যৰ সন্ধানত নামি অহা শ শ হাতীয়ে বিগত দীৰ্ঘদিন ধৰি চলাই আহিছে উপদ্ৰৱ ৷অঞ্চলটোৰ বহু পৰিয়ালৰ বাসগৃহ ধংস কৰাৰ লগতে ভঁৰালৰ ধান , চাউল, খেতিপথাৰ শইচ,কলৰ বাগান আদি বিনষ্ট কৰিছে ৷ইতিমধ্যে গৃহহীন হৈ পৰিছে বহু পৰিয়াল ৷
বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় 50/60 টা হাতীৰ জাক এটাৰ পৰা ফালৰি কাতি গৈ এটা বন্যহস্তীয়ে সীমান্তৱৰ্তী অঞ্চলটোৰ ভেৰগাঁৱৰ ২নং উত্তৰ ডিমাকুছি আৰু বৰঙাজুলি গাঁৱত প্ৰবেশ কৰি সাঁতা টা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণ বিধস্ত কৰাৰ লগতে ধান,চাউল ধানখাই বিস্তৰ ক্ষতি কৰে ৷পৰিয়াল কেইটাৰ কলৰ বাগান ভঁৰালৰ ধান,চাউল খাই তহিলং কৰিছে ৷ এটিয়াও বনবিভাগৰ লোক উপস্থিত হোৱা নাই ৷ দীৰ্ঘদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে যদিও বন বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উথ্থাপন কৰিছে স্থানীয় ৰাইজে ৷ক্ষতিগ্ৰস্ত পৰিয়ালসমূহ ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

About Debrata Pyne

Leave a Reply

Your email address will not be published. Required fields are marked *