বৰফে ঢকা হিমালয় আৰু দিল্লীৰ উজ্জ্বল পোহৰ, চাওক নাছাই তোলা সুন্দৰ ছবি এখন ।
ছচিয়েল মিডিয়াত ভাইৰেল হৈছে নাছাই তোলা এখন ফটো। যিখন দেখি আপ্লুত সকলো। নাছাই তোলা ফটোখনত সুন্দৰ ৰূপ ধৰা দিছে বৰফে ঢকা হিমালয় আৰু দিল্লী চহৰৰ উজ্জ্বল পোহৰ।
হিমালয়ৰ এই ফটো পোষ্ট কৰি নাছাৰ ছচিয়েল মিডিয়া হেণ্ডেলত লিখিছে – ‘‘মন্ত্ৰমুগ্ধ কৰা হিমালয়ৰ উজ্জ্বল সৌন্দৰ্য, যিখন ফটো আমাৰ এক সদস্যই তুলিছে।
হিমালয়ৰ সৌন্দৰ্য নাছাৰ কেমেৰাত নানাধৰণে ধৰা পৰে। কিন্তু এইবাৰ অনন্য ৰূপত, কাষতে দিল্লী চহৰৰ উজ্জ্বল পোহৰ আৰু হিমালয়ৰ বৰফাবৃত্ত সৌন্দৰ্যই ফটোখনক অন্য মাত্ৰা প্ৰদান কৰিছে।
ফটোখনক লৈ ছচিয়েল মিডিয়াত নানা আলোচনা আৰম্ভ হৈছে। নাছাৰ ছচিয়েল মিডিয়া পেজত আপলোড হোৱাৰ পিছতে ব্যাপকভাৱে শ্বেয়াৰ হৈছে এই ফটোখন। বহুতে ফটোখনত ভাৰত–পাকিস্তানৰ সীমাৰেখাও বিচাৰি পাইছে।