Breaking News
Home / Nalbari / নলবাৰীত ডাম্পাৰ চুৰি ।

নলবাৰীত ডাম্পাৰ চুৰি ।

নলবাৰীত দিনে দিনে বৃদ্ধি পাব ধৰিছে চোৰৰ সন্ত্ৰাস । যোৱা সোমবাৰৰ নিশা পুনৰ জিলাখনৰ হৰিপুৰৰ পেট্ৰ’ল পাম্পৰ কেম্পাচৰ পৰা এখন AS 19 C 7194 এখন ডাম্পাৰ গাড়ী চোৰ হোৱাৰ লৈ নলবাৰীত চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনা অনুসৰি, নলবাৰী টাউনৰ ৫ নম্বৰ ৱাৰ্ডৰ নিবাসী অহেদুৰ ৰহমানৰ ডাম্পাৰ গাড়ী খন পূৰ্বৰ দৰে নিশা গাড়ীৰ চালকে হৰিপুৰৰ পেট্ৰ’ল পাম্পৰ কেম্পাচত থয় । পিছদিনা যেতিয়া গাড়ীৰ চালক জনে আহি পেট্ৰ’ল পাম্পৰ কেম্পাচত গাড়ী খন দেখা নাপায় তেতিয়া চালক জনে গাড়ীৰ মালিক অহেদুৰ ৰহমানক গাড়ী খন কেম্পাচত নথকা বুলি জনাই । পিছত এই ঘটনা সন্দৰ্ভত গাড়ীৰ মালিক আৰু চালকে নলবাৰী সদৰ আৰক্ষী থানাত অৱগত কৰা । গাড়ী খনৰ জি পি এছ ৰ সহায়ত বিচাৰ খোচৰ কৰা হয় যদি অৱশেষত গাড়ীৰ খনৰ জি পি এছ চোৰৰ দলটোৱে শ্বিলংত নষ্ট কৰি দিয়ে । উল্লেখ্য যে বিগত দুমাহ ধৰি নলবাৰী জিলাত বেংক ডকাইতিকে ধৰি নিশা গাড়ীৰ চোৰৰ সন্ত্ৰাস বহুত হাৰত বৃদ্ধি হৈছে । যোৱা কিছু সপ্তাহ আগত নলবাৰীৰ পল্লাৰোডস্থিত পেট্ৰ’ল পাম্পৰ সন্মুখৰ পৰা এখন স্কৰ’পিও গাড়ী এখন চোৰ হয় । দিনে দিনে বাঢ়ি অহা এই চোৰৰ তাণ্ডৱ কাৰণে এতিয়া সচেতন মহলে নলবাৰী আৰক্ষীৰ ভূমিকাৰ ওপৰত সন্দেহ ব্যক্ত কৰিছে ।

About Debrata Pyne

Check Also

সৃষ্টি মাল্টিডেভলপমেন্ট অৰ্গেনাইজেছন ( এন জি অ ) ৰ উদ্যোগত মহিলা সবলীকৰনৰ ওপৰত সজাগতা সভা আৰু সম্বন্ধনা অনুষ্ঠান ।

নলবাৰী জিলাৰ বেচৰকাৰী স্বেচ্ছাসেৱী এন জি অ সৃষ্টি মাল্টি ডেভেলপমেন্ট অৰ্গেনাইজেছনৰ উদ্যোগত আৰু উক্ত NGO …

Leave a Reply

Your email address will not be published. Required fields are marked *