
৯৭১ কোটি টকাৰে নিৰ্মাণ হ’ব নতুন সংসদ ভৱন।
বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত বিভিন্ন ৰাজনৈতিক দলৰ নেতা, কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বহু দেশৰ ৰাষ্ট্ৰদূত উপস্থিত থাকে। চাৰি মহলাৰ নতুন সংসদ ভৱনৰ নিৰ্মাণকাৰ্য ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে সম্পন্ন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।
সংসদৰ নতুন ভৱন ৬৪,৫০০ বৰ্গমিটাৰ ক্ষেত্ৰত হ’ব আৰু ইয়াৰ নিৰ্মাণৰ বাবে মুঠ ৯৭১ কোটি টকা ধাৰ্য কৰা হৈছে।
সংসদৰ নতুন ভৱন সম্পূৰ্ণ ভূমিকম্প প্ৰতিৰোধীসম্পন্ন হ’ব আৰু ইয়াত ১২২৪ গৰাকী সাংসদ একেলগে বহিব পাৰিব।
সংসদৰ বৰ্তমান ভৱনটো দেশৰ পৌৰতাত্ত্বিক সম্পত্তি হিচাপে সংৰক্ষণ কৰা হ’ব।
নিয়ম অনুসৰি, লোকসভাৰ অধ্যক্ষ সংসদ ভৱনৰ সংৰক্ষক। নতুন ভৱনৰ নিৰ্মাণৰ বাবে বায়ু আৰু শব্দ প্ৰদূষণক নিয়ন্ত্ৰণ কৰিবলৈ পৰ্যাপ্ত উপায় হাতত লোৱা হৈছে।
নতুন সংসদ ভৱনত সকলো সদস্যৰ বাবে পৃথক কাৰ্যালয়ত আধুনিক ডিজিটেল সুবিধাৰ সৈতে সংযুক্ত থাকিব।
নতুন সংসদ ভৱনত বিশাল সংবিধান কোঠা ,গ্ৰন্থালয়, বিভিন্ন সমিতিৰ বাবে কোঠা, ভোজন কক্ষ, পাৰ্কিং ক্ষেত্ৰ থাকিব।

লোকসভাৰ আকাৰ বৰ্তমান লোকসভাতকৈ তিনি গুণ ডাঙৰ হ’ব। সেইদৰে ৰাজ্যসভা ভৱনো ডাঙৰ হ’ব। সংসদ ভৱনৰ সাজ-সজ্জা ভাৰতীয় সংস্কৃতিৰ লগতে ক্ষেত্ৰীয় কলা, শিল্প আৰু স্থাপত্যকলাৰ অনুপম উদাহৰণেৰে প্ৰস্তুত কৰা হ’ব।
চৰকাৰে জনোৱা মতে, ২০২২ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ বছৰ সম্পূৰ্ণ হ’ব। আৰু তেতিয়াই নতুন সংসদ ভৱন মুকলি কৰা হ’ব।