Breaking News
Home / Chirang / চিৰাঙৰ ভোট গ্ৰহণ কেন্দ্রত উত্তপ্ত পৰিস্থিতি।

চিৰাঙৰ ভোট গ্ৰহণ কেন্দ্রত উত্তপ্ত পৰিস্থিতি।

চিৰাঙৰ ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ শূন্যলৈ গুলীচালনা
প্ৰিজাইডিং অফিচাৰকে ধৰি কৰ্তব্যৰত বিষয়াক শাৰীৰিকভাৱে
অপদস্থ কৰে ক্ষুব্ধ লোকসকলে৷

আজি বিটিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। কোকৰাঝাৰ আৰু চিৰাং জিলাত পুৱাৰে পৰা অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। চিৰাং জিলাৰ সাতটা পৰিষদীয় সমষ্টিত ৩,৭১,০৩১ গৰাকী ভোটাৰে মুঠ ৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব৷ জিলাখনৰ ৪৫৬টা ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান চলি আছে,
আনহাতে, চিৰাঙৰ দত্তপুৰ এল পি স্কুল ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ বৃদ্ধ এগৰাকীক ভোটদানৰ সময়ত সহায় কৰাক লৈ অসন্তুষ্ট একাংশই হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ প্ৰিজাইডিং অফিচাৰকে ধৰি কৰ্তব্যৰত বিষয়াক শাৰীৰিকভাৱে অপদস্থ কৰে ক্ষুব্ধ লোকসকলে৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়৷ সম্প্ৰতি শীৰ্ষ আৰক্ষী বিষয়াবৰ্গ ঘটনাস্থলীত উপস্থিত হৈছে৷

About Debrata Pyne

Leave a Reply

Your email address will not be published. Required fields are marked *