অহা ৮ ডিচেম্বৰত কৃষকৰ অধিকাৰক লৈ আন্দোলন কৰা কৃষক সকলে আহ্বান জনোৱা ভাৰত বন্ধলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৰাজা ফাউণ্ডেশ্যন, অসমে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে The Essential Commodities Ammendment Bill, 2020, The Farmers produce trade and commers bill, 2020 আৰু The Farmers agreement of price assurance and farm service bill, 2020 নামৰ তিনিখন কৃষক বিৰোধী বিল পাছ কৰিছিল৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ টোকাত ৰাজা ফাউণ্ডেশ্যন, অসমৰ সভাপতি মৌলানা আলহাজ আজিমুদ্দিন আহমেদ ৰেজৱী আৰু সাধাৰণ সম্পাদক, লেখক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰীয়ে কয় যে- বিক্ষোভকাৰী কৃষকসকলে কৃষক অাইন প্ৰত্যাহাৰৰ দাবীত যি আন্দোলন কৰিছে আমি তাক সমৰ্থন কৰিছো। ভাৰতবৰ্ষৰ মূল জনসংখ্যাৰ ৭০% কৃষকেই খাদ্যশস্যৰ যোগান ধৰি দেশখনৰ অৰ্থনীতিৰ বৃহৎ অংশক প্ৰতিনিধিত্ব কৰি আছে৷ যিসকলক অৱহেলা কৰিলে ভাৰতবৰ্ষৰ অৰ্থনীতিৰ ৰাজহাড় ডালেই ভাগি পৰিব৷ বিজেপি চৰকাৰে কৰ্পৰেট গোষ্ঠীক সন্তুষ্ট কৰিবৰ কাৰণে এইদৰে কৃষক সকলৰ ওপৰত বিধ্বংসী কৃষক আইন জাপি দিছে। এই তিনিওখন বিধ্বংসী আইন অসমৰ কৃষক সকলেও কেতিয়াও মানি নলয়। ৰাজা ফাউণ্ডেশ্যন, অসমে আজি এই প্ৰেছ টোকাৰ জৰিয়তে তিনিখন কৃষক বিৰোধী আইন বাতিল কৰাৰ দাবী উত্থাপন কৰিছে আৰু ৮ ডিচেম্বৰৰ ভাৰত বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে। এই কথা সদৰী কৰি ফাউণ্ডেশ্যনৰ সাহিত্য সম্পাদক এন, এ হকে সংবাদ মাধ্যমলৈ এক প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰিছে৷
Check Also
আজি বিজয় দিৱস
বিজয় দিৱস ভাৰতত প্রতি ১৬ ডিসেম্বৰত স্মৰণ কৰা হয়। ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধত পাকিস্তাৰ পৰা …