১ নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টি (জনজাতি)ৰ সমাগত নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পন্ন হৈছে। আজি স্থানীয় কাজিগাঁও হাইস্কুলত ভোটগণনা সম্পৰ্কীয় এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। সমষ্টিটোত সমাগত বিটিচি নিৰ্বাচন যাতে সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আজি ‘কাউণ্টিং এছিষ্টেণ্ট’ আৰু ‘কাউণ্টিং ছুপাৰভাইজাৰ’সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণ প্ৰদান কৰে টিপকাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দীপক কুমাৰ দেৱনাথ আৰু হস্ত-তাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ বয়ন সম্প্ৰসাৰণ কেন্দ্ৰ (টিপকাই)ৰ পৰিদৰ্শক বনজিৎ ব্ৰহ্মই। প্ৰশিক্ষণ কাৰ্যসূচীত পৰ্যৱেক্ষকদ্বয় ৰাজভী হুছেইন আৰু ডঃ ছলমান উদ্দিন চৌধুৰীয়েও বক্তব্য ৰাখে। এইখন সভা হৈ যোৱাৰ পাছত একে স্থানতে ‘মেটেৰিয়েল ডিষ্ট্ৰিবিউছন’ সম্পৰ্কীয় আন এখন সভা অনুষ্ঠিত হয়। সভাত ভোটগ্ৰহণত প্ৰয়োজনীয় সামগ্ৰীসমূহ বিতৰণ আৰু গ্ৰহণ সম্পৰ্কত বিস্তাৰিতভাৱে আলোচনা কৰা হয়। এইখন সভাত মহকুমাধিপতি তথা ৰিটাৰ্নিং বিষয়া হেমন্ত প্ৰসাদ ৰাজকুমাৰেও অংশগ্ৰহণ কৰি প্ৰিজাইডিং তথা প’লিং বিষয়াসকলৰ থকা-মেলা তথা যাতায়াত আদিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰাৰ উপৰি ভোটগ্ৰহণত ব্যৱহৃত সামগ্ৰীসমূহৰ বিতৰণ আৰু গ্ৰহণ যাতে সঠিকভাৱে হয়, তাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰে। আজিৰ সভাত মহকুমাধিপতিগৰাকীৰ উপৰি পৰ্যৱেক্ষকদ্বয়ৰ লগতে দণ্ডাধীশ তথা এ আৰ অ’ প্ৰিতম ৰাজা শৰ্মা, বগৰীবাৰী ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) পাঞ্জামূতি ব্ৰহ্ম, বগৰীবাৰী ৰাজহ চক্ৰ বিষয়া সতীশ প্ৰসাদ, বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক নৱকৃষ্ণ ৰায় আদিয়ে অংশগ্ৰহণ কৰে বুলি এক প্ৰেছ বিজ্ঞপ্তিৰে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।
Check Also
কোকৰাঝাৰত বনভোজৰ আনন্দ উলাহ, নতুন বছৰক আদৰাৰ বাবে প্ৰস্তুতিত !
দোডমা ২৫ ডিচেম্বৰ- সমাগত বনভোজৰ বতৰ, নতুন বাছৰক আদৰাৰ বাবে সকলোয়ে কম বেছি পৰিমাণে চলাইছে …