Breaking News
Home / Political / ৮ নং দোতমা পৰিষদীয় সমষ্টিত বিজেপিৰ বিশাল নিৰ্বাচনী সভা। সভাত ৰাজ্যিক সভাপতি ৰঞ্জিত দাস: প্ৰাৰ্থী বিভুতি বৰগয়াৰীৰ জয় নিশ্চিত।

৮ নং দোতমা পৰিষদীয় সমষ্টিত বিজেপিৰ বিশাল নিৰ্বাচনী সভা। সভাত ৰাজ্যিক সভাপতি ৰঞ্জিত দাস: প্ৰাৰ্থী বিভুতি বৰগয়াৰীৰ জয় নিশ্চিত।

সমাগত বিটিচিত পৰিষদীয় নিৰ্বাচন সকলো ৰাজনৈতিক দলৰ মাজত অব্যাহত আছে প্ৰতিযোগিতা মূলক বাকযুদ্ধ। বুধবাৰে কোকৰাঝাৰ জিলাৰ ৮ নং দোতমা পৰিষদীয় সমষ্টিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাস উপস্থিত হৈ দোতমা(জনজাতী)পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বিভুতি বৰগয়াৰীৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ চলাই। এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ। প্ৰাৰ্থী গৰাকী জয়ী হলে তেওঁক EM দিয়া হব বুলি ঘোষনা কৰিলে ৰঞ্জিৎ দাসে সভাখনত বিজেপিৰ নেতা সহ বিভিন্ন ৰাইজ আৰু বিজেপি কৰ্মকৰ্তা সকল উপস্থিত থাকে। ৮ নং দোতমা পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিভুতি বৰগয়াৰীৰ সমষ্টিত জয়ী হোৱাটো নিশ্চিয় সভাপতি ৰঞ্জিৎ দাসৰ মন্তব্য। বিটিচিত হাগ্ৰামাৰ শাসন কালত বৃহৎ কেলেংকাৰী ৰটাৰ বাবে বিটিচিত আজিলৈকে কোনো উন্নয়ন হোৱা নাই বুলি দাবী কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। বিপিএফ, ইউপিপিএল, কাৰো লগত আমাৰ মিত্ৰতা নাই সভাত মন্তব্য ৰঞ্জিৎ দাসৰ। আৰু বিটিচিত পৰিষদীয় নিৰ্বাচনত বিজেপি দলে চৰকাৰ গঠন কৰাটো খাটাং হৈ পৰিছে, বিটিচিত বিজেপি চৰকাৰ গঠন কৰিলে বিভিন্ন উন্নয়ন মূলক কাম কৰাৰ হ’ব।বিটিচিত বিজেপি চৰকাৰ অবিহনে কোনো দলেই বিটিচিৰ উন্নয়নৰ লগতে শান্তি শৃংখলা বজাই ৰাখিব নোৱাৰে। লগতে কয় যে ২০২১ অসম বিধান সভা নিৰ্বাচনত বিপিএফৰ লগত আমাৰ মিত্ৰতা নাথাকে।

About Debrata Pyne

Check Also

টিহুত বিজেপিৰ মুখপত্ৰ মনোজ বৰুৱাৰ সংবাদ মেল ,অসমত পুনৰ হব বিজেপি চৰকাৰ : মনোজ বৰুৱা

অসমত আগন্তুক ২৫৩০ বছৰলৈ কংগ্ৰেছ দল শাসনলৈ আহিব নোৱাৰে।” বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মনোজ বৰুৱাই আজি …

Leave a Reply

Your email address will not be published. Required fields are marked *