দিল্লীৰ প্ৰখ্যাত এছিয়ান লিটাৰেৰি চছাইটিয়ে,জাৰ্ণাল অফ এছিয়ান আৰ্ট,কালচাৰ এণ্ড লিটাৰেচাৰৰ সহযোগত ,(ভাষা শৃংখলাৰ ২০২০ )দিনটোযোৰা কায্য সূচীৰে অসমীয়া, ভাষা,ক’লা সংস্কৃতিৰ উৎসৱ উদযাপন কৰে।
দিনটোযোৰা কায্য সূচী আৰম্ভনী হয়,সংস্থাৰ প্ৰতিষ্ঠাতা তথা প্ৰখ্যাত কবি,লিখক,চিত্ৰশিল্পী মনোজ কৃষ্ণনৰ আদৰণি ভাষনেৰে।
অসমৰ বহুতো গুণী মানি প্ৰসিদ্ধ সাহিত্যিক তথা শিল্পীয়ে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
সভা আৰম্ভ হয় বিশিষ্ট লেখিকা তথা অতি আদৰৰ সাহিত্য অকাডেমি বিজেতা অৰুপা পটঙ্গীয়া কলিতা লগত হোৱা লাইভ বৈঠকেৰে।
প্ৰিয় সাহিত্যিক গৰাকীয়ে অসমীয়া সাহিত্যৰ গৌৰৱময় ইতিহাসৰ বিষয়ে অতি সাৱলীল ভাৱে আলোচনা কৰে। এই বৈঠকৰ পৰিচালনা কৰে এছিয়ান লিটাৰেৰি চছাটিৰ সন্মানীয় প্ৰশাসক ডঃ বিশাখা শৰ্মাই।
ইয়াৰ পিছৰ কায্য সূচীত ,আলোচনা চক্ৰত ভাগ লয় ,অসম সাহিত্য সভা সভাপতি তথা সাহিত্য অকাডেমি বিজেতা ডঃ কুলধৰ শইকীয়া, বিশিষ্ট লেখিকা তথা বুৰঞ্জীবিদ মৌচুমী কন্দলি,আৰু বিশিষ্ট লেখক তথা সাহিত্য অকাডেমি যুব বঁটা বিজেতা,অৰিন্দম বৰকাকতিয়ে। আলোচনা চক্ৰত ঐশ্বয্যপূৰ্ণতাৰে ভৰা অসমীয়া সাহিত্য বিষয়ে অতি সুন্দৰ কৈ আলোচনা কৰে আৰু শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰে।
দ্বিতীয় লাইভ বৈঠকত অংশগ্ৰহণ কৰে বিশিষ্ট বঁটা বিজয়ী লেখিকা মণিকুন্তলা ভট্টাচাৰ্য, আৰু বিশিষ্ট লেখক তথা সাহিত্য অকাডেমি যুৱ বঁটা প্ৰাপ্তি ডঃ বিজয় শংকৰ বৰ্মণে। বৈঠকৰ পৰিচালনা কৰে এছিয়ান লিটাৰেৰি চছাটিৰ প্ৰশাসক প্ৰসিদ্ধ লেখিকা ডঃ বিশাখা শৰ্মা আৰু অনীতা চান্দে।
ইয়াৰ পিছতে জাকজমকীয়া সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়,অসমৰ বাৰেৰহনীয়া সংস্কৃতি জিলিকি উঠে। অংশগ্ৰহণকাৰি সকলে দৰ্শকক মুগদ্ধ কৰে।
অংশগ্ৰহণকাৰী সকল হৈছে শ্ৰীমতী অনুৰেখা বৰকাকতি,শ্ৰীমতী অনীতা চান্দ, অৰ্পণা বাগৰে্, দীপাঞ্জু বুঢ়াগোহাঁই, শ্ৰীমতী দীপীমা,শ্ৰীমতী কবিতা ভাৰ্মা,শ্ৰীমতী মণি চাক্সেনা,শ্ৰীমতীমৌচুমী ফুকন গুপ্তা,ডঃ নিপম কুমাৰ শইকীয়া, কণমানি প্ৰতিজ্ঞা চেতিয়া, শ্ৰীমতী সংগীতা গুপ্তা, শ্ৰীমতী শিৱপ্ৰিয়া।
ইয়াৰ পৰৱৰ্তী কায্য সূচী আছিল,অনলাইন আৰ্ট প্ৰদৰ্শনী ।বিষয় ,অসম। ইয়াত ভাগ লয় ,শ্ৰীযুত অগ্নিভ দত্ত, শ্ৰীমতী আইডা জি ৰোক, ডঃ অৰ্পণা বাগৰে্ ডঃ অৰ্পণা প্ৰধান শ্ৰীমতী,অনীতা চান্দ,শ্ৰীমতী দীপীকা সিং,শ্ৰী যুত মনোজ কৃষ্ণন,শ্ৰীমতী নীতি পৰ্তী,শ্ৰীমতী শিৱপ্ৰিয়া।
ইয়াৰ পাছৰ কায্যসূচী আছিল কবিতা আবৃত্তিৰ আৰু গল্প পঢ়া।ইয়াৰ অংশগ্ৰহণকাৰী সকল আছিল, শ্ৰীযুত অমৃতজ্যৌতি মহন্ত, শ্ৰীমতী অনুৰাণী দেৱী, শ্ৰীমতী অনুৰেখা বৰকাকতি, ডঃ অৰ্পণা বাগৰে্ ডঃ অৰ্পণা প্ৰধান,শ্ৰীমতী বিমলা ডেকা,ডঃ বিশাখা শৰ্মা, শ্ৰীমতী বন্দনা দত্ত,শ্ৰীমতী ডালিমী দেৱী, শ্ৰীমতী দেস্না মহন্ত,শ্ৰীযুত দীপাঞ্জন কাশ্যপ,শ্ৰীমতী দীপাঞ্জূ বুঢ়াগোহাঁই,শ্ৰীযুত গুণ মৰাণ,শ্ৰীমতী জুৰিমনি মহন্ত, শ্ৰীমতী কাব্যশ্ৰী মহন্ত, শ্ৰীমতী কিৰণ বাবল,শ্ৰীমতী মণী চাক্সেনা, শ্ৰীমতী মন্দিৰা ঘোষ,শ্ৰীতী মুঞ্জমালা দাস,শ্ৰীমতী মণিদ্বীপা,শ্ৰীমতী মৌচুমী বৰুৱা,শ্ৰীমতী পম্পী হাঁজোগ,শ্ৰীতী মাইনী মহন্ত, শ্ৰীমতী নৱমালতি নেওক চক্ৰৱৰ্তী, শ্ৰীমতী নীতি পৰ্তী, শ্ৰীমতী প্ৰীতি বৰা,ডঃ ৰুণা গগৈ, শ্ৰীযুত ৰতন ভট্টাচাৰ্য, ডঃ ৰমনীকান্ত ঠাকুৰীয়া, ডঃ ৰমেন শৰ্মা, শ্ৰীমতী চুৰেখা চাৰু, ডঃ শ্ৰুতীমালা দুৱাৰা,শ্ৰীযুত তাৰিণী শইকীয়া, ডঃ বৰষা দাস।
দিনটো যোৰা কায্য সূচী সামৰণি পৰে সকলো অংশগ্ৰহণকাৰী, বিশিষ্ট অতিথি সকলক সম্বাধৰ্ণা আৰু অভিনন্দননেৰে । শলাগৰ শৰাই আগবঢ়াই এছিয়ান লিটাৰেৰি চছাইটিৰ তৰফৰ পৰা প্ৰতিষ্ঠাতা শ্ৰী যুত মনোজ কৃষ্ণন ডাঙৰীয়াই।
এছিয়ান লিটাৰেৰি চছাইটিৰ এই প্ৰচেষ্টাক সকলোৱে অভিনন্দন জনাই আৰু শলাগে।
অংশগ্ৰহণ কাৰী,বিশিষ্ট অতিথি, শ্ৰোতা বৃন্দ সকলোৱে এছিয়ান লিটাৰেৰি চছাইটিৰ দীঘায়ু কামনা কৰে।