
বিটিচিত পৰিষদীয় নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দলৰ মাজত অব্যাহত আছে প্ৰতিযোগিতা মূলক বাকযুদ্ধ। সকলো ৰাজনৈতিক দলৰ এটাই সপোন গাদী দখলৰ। দীৰ্ঘ দিন ধৰি বিটিচিত পৰিষদীয় নিৰ্বাচনক লৈ নিৰ্বাচনী প্ৰচাৰ চলি থকা সময়ত আজি কোকৰাঝাৰ জিলাৰ ৩ নং শ্ৰীৰামপুৰ অ জনজাতি সমষ্টিৰ মৰনাই টি ইচষ্টেট প্ৰাঙ্গনত বিজেপি সমৰ্থীত নিৰ্দলীয় প্ৰাৰ্থী শ্ৰী সঞ্জীপ দত্তৰ হৈ নিৰ্বাচনী সভাত উপস্থিত হয় বিজেপি দলৰ বিশ্বজিৎ দৈমাৰী, ৰঞ্জিত দাস আৰু হিমন্ত বিশ্বৰ লগতে আৰু বহুতো দলীয় নেতা সকলে। বিটিচিত হাগ্ৰামাৰ শাসন কালত বৃহৎ কেলেংকাৰী ৰটাৰ বাবে বিটিচিত কোনো উন্নয়ন হোৱা নাই বুলি দাবী কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। আৰু বিটিচিত পৰিষদীয় নিৰ্বাচনত চৰকাৰ গঠন কৰিলে বিভিন্ন উন্নয়ন মূলক কাম কৰাৰ লগতে মৰনাই টি ইচষ্টেট অঞ্চলত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে শৰ্মাই। বিটিচিত বিজেপি চৰকাৰ অবিহনে কোনো দলেই বিটিচিৰ উন্নয়নৰ লগতে শান্তি শৃংখলা বজাই ৰাখিব নোৱাৰে আৰু এইবেলি বিটিচিত পৰিষদীয় নিৰ্বাচনত অকল বিজেপিয়েই চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি দাবী কৰে হিমন্ত বিশ্ব শৰ্মাই।