
নলবাৰী জিলাৰ ভুনুকুছি নামঘৰ প্ৰাংগণত আজি হিন্দু ক্ৰান্তি দল,নলবাৰী জিলা সমিতিৰ উদ্যোগত আজি লাচিত দিৱস অনুষ্টুপীয়াকৈ পালন কৰা হয়। উল্লেখ্য যে যোৱা কালি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ যোৱা কালি বিয়োগ হোৱা হেতুকে আজিৰ এই অনুষ্ঠানৰ সকলোবোৰ কাৰ্যসূচী বাতিল কৰি কেৱলমাত্ৰ ভাৰত মাতাৰ সম্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে সদ্য প্ৰয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলিৰে অনুষ্ঠানৰ সামৰণি কৰে। হিন্দু ক্ৰান্তি দলৰ নলবাৰী জিলা সভাপতি নিৰ্মল ৰাজবংশীয়ে আঁত ধৰা উক্ত অনুষ্ঠানটিত অংশগ্ৰহণ কৰে হিন্দু ক্ৰান্তি দলৰ নলবাৰী সমিতিৰ উপদেষ্টা অঞ্জন বৰ্মন,দীপক হালৈ, সাংগঠনিক সম্পাদক ৰুবুল মেধি,আন্তঃৰাষ্ট্ৰীয় কুংফু খেলুৱৈ ধৰ্মেশ্বৰ হালৈ,ভুনুকুছি গাঁও উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক সনাতন ডেকা আদি য়ে।উক্ত অনুষ্ঠানৰ অন্তত হিন্দু ক্ৰান্তি দলৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টা অঞ্জন বৰ্মনে লাচিত বৰফুকনক শ্ৰদ্ধাৰে সুৱৰাৰ লগতে লাচিতৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ সকলোকে আহ্বান জনায়।লগতে অঞ্জন বৰ্মনে সাংবাদিকৰ আগত কয় যে আগন্তুক তিনিবছৰৰ ভিতৰত সদ্য প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নলবাৰীত এটা প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে।