
২০২১ চনৰ নিৰ্বাচনে ঠিৰাং কৰিব অসমৰ ভবিষ্যত ৷ এই নিৰ্বাচন হব মোগলৰ বিৰুদ্ধে শেষ যুদ্ধ । নলবাৰী জিলাৰ কৈঠালকুছিৰ সমীপবৰ্তী জোৱাৰ্দ্দি শ্ৰী শ্ৰী ক’লিয়া গোসাইঘৰ প্ৰেক্ষাগৃহত কালি এই মন্তব্য প্ৰদান কৰে নলবাৰী জিলা অনুসূচিত জাতি পৰিষদৰ প্ৰ’ভাৰী বানেশ্বৰ দাসে ৷ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কলিয়া গোসাইঘৰ প্ৰেক্ষাগৃহত যোৱা কালি হোৱা অনুষ্ঠানৰ আৰম্ভণিতে দলীয় পতাকা উত্তোলন কৰে মৰ্চাৰ জিলা সভাপতি নৰেন বৈশ্যই ৷ বন্তি প্ৰজ্বলন কৰে ৰাজ্যিক সভাপতি নবাৰুন মেধিয়ে ৷ আদৰণি ভাষন দিয়ে নলবাৰী জিলা অনুসূচিত জাতি মৰ্চাৰ সভাপতি নৰেন বৈশ্যই ৷ সাম্প্ৰতিক সময়ত বিজেপিৰ প্ৰতি জনসাধাৰণৰ আস্হা বৃদ্ধি প্ৰসংগত গেৰুৱা দলটোৰ নলবাৰী জিলা সভাপতি ডা° মৃগাংক তালুকদাৰে কয়- ‘কা’ আন্দোলন কৰি কোনোবা এম পি হ’ল , চাৰি পাচজনে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে ৷ আচলতে ক্ষমতাৰ লোভতহে হৈছিল ‘কা’ আন্দোলন ৷ ” প্ৰকাৰান্তৰে সাংসদ অজিত কুমাৰ ভূঞা আৰু নতুন ৰাজনৈতিক দলক কটাক্ষ কৰি এই মন্তব্য প্ৰদান কৰে বিজেপিৰ নলবাৰী জিলা সভাপতি গৰাকীয়ে ৷ বিজেপিৰ নলবাৰী জিলা সম্পাদক পুলক কুমাৰ শৰ্মাই ‘সমাজ সংগঠনত বিজেপিৰ ভূমিকা’সম্পৰ্কে বক্তব্য আগবঢ়ায় ৷ সভাত ধৰ্মপুৰ সমষ্টিৰ সংযোজক তথা উত্তৰ ধৰ্মপুৰ-নতুন দেহৰ জিলা পৰিষদৰ সদস্য ভাস্কৰ শৰ্মা,পকোৱা জিলা পৰিষদৰ সদস্য পবিত্ৰ ডেকা,জিলা কাৰ্যনিৰ্বাহক শৰৎ বৰ্মন,পঞ্চায়ত সভাপতি সঞ্জীৱ তালুকদাৰ,আচাৰ্য পংকজ পাঠক, নলবাৰী জিলা অনুসূচিত জাতি মৰ্চাৰ সম্পাদক মন্তু দাস আদিয়েও উপস্থিত থাকে ৷ সভাৰ তদাৰক কৰে নলবাৰী জিলা অনুসূচিত জাতি মৰ্চাৰ সম্পাদক মন্তু দাসে । মৰ্চাৰ জিলা সম্পাদক তৰনী দাসৰ শলাগৰ শৰাইৰ পিচত ৰাষ্ট্ৰীয় সংগীতেৰে সভাৰ সামৰনি মৰা হয় ৷