Breaking News
Home / Dhubri / বিলাসীপাৰাত ৰাইজৰ দলৰ ধুবুৰী জিলা আহ্বায়ক কমিটি গঠন কৰাক লৈ সভা অনুষ্ঠিত

বিলাসীপাৰাত ৰাইজৰ দলৰ ধুবুৰী জিলা আহ্বায়ক কমিটি গঠন কৰাক লৈ সভা অনুষ্ঠিত

ৰাইজেই ৰজা,ৰাইজেই প্ৰজা ,ৰাইজৰ বল,ৰাইজৰ দল বুলি অতিকৈ গুৰুত্বপূৰ্ণ লক্ষ্য আগত ৰাখি আমাৰ এই খন অসমত ঐক্যবদ্ধ আপোচবিহীন প্ৰগতিশীল আঞ্চলিক দল ৰাইজৰ দল বুলি গঠন হয় । ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধুবুৰী জিলাতো ৰাইজৰ দলৰ আহ্বায়ক কমিটি গঠন কৰাকলৈ বিলাসীপাৰা মহকুমা ৰাজহুৱা গ্ৰন্থগাৰত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক শ্ৰীযুত জগন্নাথ ভকত দেৱৰ সভাপতিত্বত আজি এখন সভা অনুষ্ঠিত হয়। উল্লেখ্য যে সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে,ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নাজিমূল হকে। উল্লেখ্য যে সভা খনত বিভিন্ন অঞ্চলৰ পৰা ব্যক্তি বাছনিকৃত কৰি ধুবুৰী জিলা আপোচবিহীন শক্তিশালী ৰাইজৰ দলৰ আহ্বায়ক কমিটি আজি গঠন কৰে । মনকৰিবলগীয়া যে সভা খনত শাসনাধিষ্টিত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে, ৰাইজৰ দলৰ ৰাজ্যিক মূখ্য আহ্বায়ক দিবস ফুকন,আশ্ৰাফুল ইছলাম,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুকুট ডেকাই। উল্লেখ্য যে সভা খনত উপস্থিত থাকে, ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দিলৱৰ হোসেন, আশ্ৰাফুল হক আদিকে ধৰি ৰাইজৰ দলৰ প্ৰায় তিন শতাধিক দলীয় সতীৰ্থ বৃন্দ অংশ কৰা বুলি জানিব পৰা গৈছে।।

About Debrata Pyne

Check Also

বিলাসীপাৰাত (MGNREGA) আঁচনিৰ দুটা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন

নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মছলাপাৰা গাঁও পঞ্চায়তৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *