
মহামাৰী কৰোনাত আক্ৰান্ত সমগ্ৰ পৃথিৱী । বিজ্ঞান সন্মত ভাবে এতিয়াও ওলোৱা নাই প্ৰতিষেধক ঔষধ। কৰোনা আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই অহাৰ সময়তে কৰোনাৰ পৰা মুক্তি পোৱাৰ বাবে নামনি অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰত অনুষ্ঠিত কৰিছে ৰাধা গোবিন্দ পুজা ।গোটেই কাতিমাহ ধৰি হৰি নাম কৰাৰ পাছত গৌৰীপুৰত অনুষ্ঠিত কৰা ৰাধা গোবিন্দ পুজাত ১০৮ গৰাকী কুমাৰীৰ জৰিয়তে কৰিব গীতা পাঠ ।মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে ধৰ্ম একমাত্ৰ উপায় বুলি কোৱাৰ লগতে আধ্যাত্মিক পথ অবিহনে জীয়াই থকাটো খুবেই কঠিন বুলি কয় ধৰ্মগুৰুৱে । ৰাতিপুৱা ৬ বজাৰ পৰা ১১ গীতা পাঠ কৰে।