Breaking News
Home / Nalbari / হিন্দী বোলছবিৰ কায়দাৰে নলবাৰীত বেংক ডকাইতি

হিন্দী বোলছবিৰ কায়দাৰে নলবাৰীত বেংক ডকাইতি

নলবাৰীত বেংক ডকাইতৰ ঘটনা।

দিন দুপৰতে পিষ্টল দেখুৱাই বেংকৰ পৰা নিলে ৬০ লাখ টকা।

নলবাৰীৰ অমিয়াপুৰৰ পাঞ্জাৱ বেংক শাখাত এই ঘটনা।

গুলি ফুটাই চাৰিজনীয়া দলে লৈ গল ধন ।ডকাইতৰ গুলীত আহত এজন৷আহত গৰাকী অময়াপুৰৰ এলেঙ্গী দলৰ নয়ন দাস বুলি জানিব পৰা গৈছে৷

বৰ্তমান ঘটনাস্থলীত নলবাৰী আৰক্ষী অধিক্ষক অমনজিৎ ক’ৰ সহ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে

চাৰিজনীয়া ডকাইতৰ দলটোৱে যোৱাৰ সময়ত বাহিৰত তিনিজাইকৈ গুলী ফুটি পলায়ন কৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে৷

বেংকৰ ভিতৰত এটা সক্ৰিয় নাইন এম এমৰ গুলী উদ্ধাৰ কৰে৷

দিন দুপৰতে নলবাৰীৰ অময়াপুৰৰ দৰে জনবহুল ঠাইত ডকাইতে নিৰ্বিঘ্নে আতৰি যোৱাত এয়া স্হানীয় লোকে নলবাৰী আৰক্ষীৰ ব্যৰ্থতা বুলি কয়৷

বৰ্তমানলৈ কোনো এজন ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই নলবাৰীৰ আৰক্ষী৷

About Debrata Pyne

Check Also

সৃষ্টি মাল্টিডেভলপমেন্ট অৰ্গেনাইজেছন ( এন জি অ ) ৰ উদ্যোগত মহিলা সবলীকৰনৰ ওপৰত সজাগতা সভা আৰু সম্বন্ধনা অনুষ্ঠান ।

নলবাৰী জিলাৰ বেচৰকাৰী স্বেচ্ছাসেৱী এন জি অ সৃষ্টি মাল্টি ডেভেলপমেন্ট অৰ্গেনাইজেছনৰ উদ্যোগত আৰু উক্ত NGO …

Leave a Reply

Your email address will not be published. Required fields are marked *