

মৰিগাঁও জিলাৰ ঔগুৰীপাম গাঁৱৰ শতাধিক কৃষকৰ মাজত মৰিগাঁও জিলা কৃষি বিভাগৰ তৰফৰ পৰা উন্নত মানৰ মাকৈৰ বীজ বিতৰণ কৰে। চৰকাৰে যোগান ধৰা বীজ যাতে মধ্যভোগী লোকে আত্মসাৎ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও কৃষি বিভাগৰ ভূৰাগাঁও কৃষি সম্প্ৰসাৰণ সহায়ক আবু ইউছুফ উপস্থিত থাকি স্থানীয় গাওঁবুঢ়া আৰু পঞ্চায়ত প্ৰতিনিধিক লগত লৈ বীজ বিতৰণ কৰে। কৃষি সম্প্ৰসাৰণ সহায়ক গৰাকীৰ এনে পদক্ষেপৰ শলাগ অঞ্চলটোৰ কৃষক ৰাইজে।