
নলবাৰী শংকৰদেৱ একাডেমীৰ সমন্বয়ক শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত একাডেমীৰ ৰসায়ন বিজ্ঞান বিভাগৰ বিশিষ্ট শিক্ষক, সদ্য প্ৰয়াত ভূদেৱ শৰ্মাৰ ৰিজহুৱা স্মৃতিচাৰণ আৰু সোঁৱৰণী গ্ৰন্থ উন্মোচনী অনুষ্ঠানত প্ৰয়াত শৰ্মাৰ সহপাঠী তথা দুধনৈৰ কৃষি বিজ্ঞানী হৰিচৰণ কলিতা, শংকৰদেৱ একাডেমীৰ শিক্ষক গুণজিৎ গোস্বামী আদি ব্যক্তি সকলে ৰসায়ন বিজ্ঞান বিভাগৰ বিশিষ্ট শিক্ষক, সৰবৰহী যুৱক ভুদেৱ শৰ্মাৰ জীৱন আৰু কৃতিত্বৰ ওপৰত ভাষণ প্ৰদান কৰে ৷ শিক্ষক তথা নিৱন্ধকাৰ ভূপেন শৰ্মাই আত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে ভূদেৱ শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে পিতৃ,শিক্ষাবিদ মনোৰঞ্জন শৰ্মাই ৷ বন্তি প্ৰজ্বলন কৰে দাঙৰ ভাতৃ শিৱৰঞ্জন শৰ্মাই ৷ অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে কনিষ্ঠ ভাতৃ কিশোৰ শৰ্মাই ৷ অনুষ্ঠানৰ আৰম্ভিতে এটি গীত পৰিৱেশন কৰে নলবাৰী শংকৰদেৱ একাডেমীৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক,কন্ঠ শিল্পী তথা সাংবাদিক উদ্ধৱ ঠাকুৰীয়াই ৷ উল্লেখ্য যে যোৱা ৪ অক্টোৱৰত পুৰ্ণি নিৱাসী তথা নলবাৰী শংকৰদেৱ একাডেমীৰ বিশিষ্ট শিক্ষক,সৰবৰহী যুৱক ভুদেৱ শৰ্মাৰ আকস্মিক ভাৱে ৫০ বছৰ বয়সত বিয়োগ ঘটিছিল ৷ অনুষ্ঠানত ইতিহাস প্ৰসিদ্ধ বেলশৰ শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰ, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক ৰাজেন বৈশ্য, নলবাৰী মহাবিদ্যালয়ৰ অধ্যাপক অনন্ত ৰাজবংশী সমন্বিতে গঞা ৰাইজৰ বহুকেইগৰাকী গন্য মান্য ব্যক্তি উপস্হিত আছিল ৷