
আজি কুৰশাকাটীত বি পি এফ দলৰ পৰিষদীয় নিৰ্বাচনৰ এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰীৰ ৰণ হুংকাৰ। একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দাবী হাগ্ৰামা মহিলাৰীৰ। ক্ষমতালৈ আহিলে বি টি চি বাসী সকলক ভুমিপট্টাৰ অধিকাৰ দিয়াৰ লগতে আৰু বহুতো উন্নয়নমূলক প্ৰতিশ্ৰুতি দিয়ে হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামাৰ শাসন কালত কোনো দুৰ্নীতি সংঘটিত নোহোৱাৰ ভাষণ দিয়াৰ লগতে আগন্তুক সময়ত চৰকাৰ গঠন কৰিলে সকলো জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ বজাই ৰাখি শান্তি শৃংখলাৰে জীয়াই থকাৰ কথা ব্যক্ত কৰে। আজি ২ নং গুমা সমষ্টিৰ বি পি এফ দলৰ প্ৰাৰ্থী ৰহিনদ্ৰ ব্ৰহ্ম জয়ী হোৱোৰ লগতে ৩০ খন আসনে পাব বুলি নিশ্চিত দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে। হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন নিৰ্বাচনী সভাত বিভ্ৰান্তকৰ মন্তব্য আগবঢ়োৱা বুলি কৈ অনাগত সময়ত হিমন্ত আউট আৰু হাগ্ৰামা ইন বুলি কথাটো উত্থাপন কৰে মহিলাৰীয়ে।