
মাটি ভৰ্তি ডাম্পাৰৰ খুন্দাত থিতাতে নিহত ৫৫ বছৰীয়া এজন লোক | লোকজন ৰূপহী ভকতগাৱৰ পল্টু শ্বাহা | চাৰি সন্তানৰ পিতৃ আছিল পল্টু শ্বাহা | হতাশাৰ হৈছে পৰিয়ালৰ লোক কাৰণ এখন হোটেলত কাম কৰি পোহপাল দি আছিল পৰিয়ালটোক | পল্টু শ্বাহাৰ আকস্মিক দুৰ্ঘটনাত হতবাঘা হৈ পৰিছে পৰিয়ালৰ লোক | ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মাটিভৰ্তি ডাম্পাৰ খন জব্দ কৰে | গাড়ীখনৰ নম্বৰ AS-02E-7440. ৰূপহীহাট আৰক্ষীয়ে মৃতদেহটো মৰোনত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে |
