
নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু নলবাৰী জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত আজি নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ প্ৰেক্ষাগৃহত ৰাস্ট্ৰীয় প্ৰেছ দিবস উদযাপন কৰা হয়৷ উক্ত দিবসত নলবাৰী জিলা উপায়ুক্ত পূৰবী কোৱাৰ,নলবাৰী সমস্তিৰ বিধায়ক অশোক শৰ্মাৰ লগতে বিশিষ্ট সাংবাদিক তথা নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাৰ লগতে বিশিষ্ট সাংবাদিক যাদব সেন ডেকা উপস্থিত থাকে৷নলবাৰী জিলা তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া বিনুৰাণী ৰাজবংশীয়ে আত ধৰা উক্ত অনুস্হানটোত নলবাৰী জিলাৰ কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিক কমলেশ শৰ্মা,ওৱাহিদুজ জামান,এম মহিবৰ ৰহমান,বসন্ত দাস,ৰমেন কলিতা,চন্দন কুমাৰ শৰ্মা আদিক উপায়ুক্তৰ কাৰ্যলয়ত সম্বৰ্দ্ধনা জনায়৷ৰাস্ট্ৰীয় প্ৰেছ দিবসৰ লগত আজি সংগতি ৰাখি সংবাদ মাধ্যমৰ ওপৰত কোভিড-১৯ মহামাৰীৰ প্ৰভাব আৰু এই সময়ত সংবাদ মাধ্যমৰ শীৰ্ষক আলোচনা অনস্হীত হয়৷উক্ত আলোচনাত নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতা,বিশিষ্ট সাংবাদিক যাদব সেন ডেকা,নলবাৰী সমস্তিৰ বিধায়ক অশোক শৰ্মা,জিলা উপায়ুক্ত পুৰবী কোৱাৰে ভাষন ৰাখে৷আনহাতে আজিৰ এই অনুস্হানতে দুৰ্গা পূজাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে বিহামপুৰ বাৰোৱাৰী দুৰ্গা মন্দিৰ সমিতি,দ্বিতীয় যুটীয়া ভাবে বৰনৰ্দী পূজা খোলা আৰু ফৰেষ্ট অফিচ ৰ’ড নলবাৰীআৰু তৃতীয় যুটীয়াভাবে গোপাল বজাৰ দুৰ্গা সমিতি আৰু বৰকুৰা বৰসৰকুছীয়ে লাভ কৰে৷বটা সমুহ প্ৰদান কৰে জিলা উপায়ুক্ত আৰু নলবাৰী সমস্তিৰ বিধায়কে৷