
দিনক দিনে বৃদ্ধি পায় অহা হাতী মানুহৰ সংঘাত ৰোধৰ এক ব্যতিক্ৰমী প্ৰদক্ষেপ গ্ৰহণ কৰে লাওখোৱাত সাংবাদিক সকলে। যোৱা কালি পোহৰৰ উৎসৱ দীপাৱলী সমগ্ৰ ৰাজ্যৰ লগতে লাওখোৱাতো পালন কৰাৰ অন্তত আজি পুৱা লাওখোৱাত সাংবাদিক সকল একত্ৰিত হৈ কলিয়াবৰৰ আমবাগান আৰু লাওখোৱা অঞ্চলৰ বজাৰ সমুহৰ লগতে বিভিন্ন প্ৰান্তত যোৱা কালি চাকি জ্বলাবলৈ ব্যৱহাৰ কৰা প্ৰায় ৫০০ ৰো অধিক কলগছ সংগ্ৰহ কৰি বন্যহস্তিৰ বাবে লাওখোৱা অভয়াৰণ্য আৰু বুঢ়া চাপৰিৰ বন্যহস্তীৰ অহা যোৱা কৰা পথত কলগছ সমূহ যোগান ধৰে।
আনহাতে এই অনুষ্ঠানত উপস্থিত থকা বুঢ়া চাপৰি বন সুৰক্ষাৰ (E.D.C.)ৰ সভাপতি নুৰ ইছলামে জনাইছে যে অহা বিশ্ব পৰিৱেশ দিৱসৰ দিনা হাতী মানুহৰ সংঘাত ৰোধৰ বাবে ১০০০ কলগছৰ পুলি যোগান ধৰি সংবাদকৰ্মী সকলৰ লগত তেওঁ নিজেও বন বিভাগৰ সহযোগত বন্য হস্তীৰ বিচৰণ স্থলী সমূহত হাতীৰ খাদ্যৰ বাবে এই প্ৰদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে।
হাতী মানুহৰ সংঘাত ৰোধৰ এই প্ৰচেষ্টাত আজি সংবাদকৰ্মী সকলক সহযোগিতা আগবঢ়াই আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া .গুৰু প্ৰসাদ তালুকদাৰ , বুঢ়া চাপৰি বন সুৰক্ষাৰ (E.D.C.)ৰ সভাপতি নুৰ ইছলম, ক্লাব 5 ষ্টাৰৰ সম্পাদককে প্ৰমুখ্যে কৰি ভালে কেইজন বিশিষ্ট ব্যক্তি তথা আমবাগান ব্যৱসায়ী সকলে।