
আগন্তুক বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক দল সমূহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। কংগ্ৰেছ দলৰ দুৰ্গ হিচাপে খ্যাত লাহৰীঘাট বিধান সভা সমষ্টি আগন্তুক ২০২১ৰ বিধানসভাৰ নিৰ্বাচনত এ আই ইউ ডি এফ দলৰ দখললৈ নিয়াৰ বাবে দলটোৰ নেতা-সকলে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। লাহৰীঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত দেৱাগুৰিত আজি এ আই ইউ ডি এফ দলৰ মৰিগাঁও জিলা সমিতিৰ সৌজন্যত এখনি কৰ্মী সভা অনুষ্ঠিত হয়। সভাখনত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, জনিয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামৰ লগতে দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ কেইবা গৰাকী বিষয়-ববীয়া উপস্থিত থাকে। সভাখনত প্ৰাক্তন মন্ত্ৰী তথা লাহৰীঘাট সমষ্টিৰ বিধায়ক ডা নজৰুল ইছলামৰ লগতে বিজেপি-আৰ এছ এছ ক তীব্ৰ সমালোচনা কৰে। এ আই ইউ ডি এফ দলৰ বিধায়কৰ লগতে দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ বিষয়-ববীয়া সকলে। কৰ্মী সভাখনত কেইবা সহস্ৰাধিক লোক উপস্থিত থাকে। আগন্তুক নিৰ্বাচনত যে বিধায়ক ডা নজৰুল ইছলামে বৃহৎ প্ৰত্যাহ্বান সন্মুখীন হব সেয়া এক প্ৰকাৰে নিশ্চিত।
