Breaking News
Home / Nagaon / আবতৰীয়া দেৱালী, উল্লাস অসম সমবায় মৰাপাট কলৰ কৰ্মীৰ।

আবতৰীয়া দেৱালী, উল্লাস অসম সমবায় মৰাপাট কলৰ কৰ্মীৰ।

১২ দিনৰ অন্তত চৰকাৰী অনুদানৰ আনুষ্ঠানিক ঘোষণা উপ-সভাপতি পলাশ বৰাৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কল পৰিচালক মণ্ডলীৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত অসম চৰকাৰে ঘোষণা কৰা ১০ কোটি টকাৰ অনুদানে কলটোক গতিশীল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি আশা প্ৰকাশ কৰে উপ-সভাপতি পলাশ বৰাই।
এক বিশেষ চক্ৰৰ চক্ৰান্তত যোৱা ২ নৱেম্বৰত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ ফলত এই পৰ্য‍্যন্ত কলটোৰ উৎপাদন বন্ধ হৈ পৰিছিল। কল পৰিসৰত উপস্থিত কল-কৰ্মীসকলক সম্বোধন কৰি অনতি পলমে কলৰ উৎপাদন আৰম্ভ কৰাৰ লগতে বন্ধ হৈ থকা কৰ্মীসকলৰ দৰমহাও আজি আংশিকভাৱে মুকলি কৰাৰ কথা ঘোষণা কৰে উপ-সভাতি গৰাকীয়ে।
বৃহস্পতিবাৰে কল কৰ্তৃপক্ষৰ লগত হোৱা আলোচনা কালত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব‍্যক্তিগতভাবে কলৰ উত্তপ্ত পৰিস্থিতিৰ অন্তৰালত থকা বাদ-বিবাদ নিৰাময় কৰি কলটোৰ উন্নতিত সকলো প্ৰকাৰৰ সহায় আগবঢ়াব বুলি মত প্ৰকাশ কৰে।

About Debrata Pyne

Check Also

Kaliabor fire awarness program

জুই যিকোনো ঠাইত যিকোনো সময়ত জ্বলি উঠিব পাৰে। হঠাৎ জুই জ্বলি উঠিলে কি কৰিব। জুই …

Leave a Reply

Your email address will not be published. Required fields are marked *