সাংবাদিক পৰাগ ভূঞাৰ সন্দেহজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত নলবাৰীত ২ ঘন্টীয়া প্ৰতিবাদী অবস্থান ৷
Debrata Pyne
November 13, 2020
Nalbari
61 Views
কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ সন্দেহ জনক মৃত্যুৰ উচিত তদন্তৰ দাবীত অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে আজি দুঘন্টীয়া প্ৰতিবাদী অবস্থান কৰে অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ কাৰ্যলয়ৰ সম্মুখত৷উক্ত কাৰ্যসুচীত পৰিষদৰ নলবাৰী জিলাৰ চহৰ সমিতিৰ সম্পাদক হেমেন কলিতাই কয় যে সাংবাদিক পৰাগ ভূঞাৰ দুৰ্ঘটনাত হোৱা মৃত্যু ৰহস্যজনক ৷আৰু এই মৃত্যুৰ তদন্ত কৰি ৰাজ্য চৰকাৰে দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী জনায়৷কিয়নো বাৰ বাৰ বহু সাংবাদিক ওপৰত এনেদৰে দুস্ট চক্ৰই আক্ৰমণ কৰাই নহয় হত্যা কৰি আহিছে৷আৰু এইটো কেতিয়াও গ্ৰহন যোগ্য নহয় বুলি কয় সম্পাদক কলিতাই কয় ৷সাংবাদিক আক্ৰমণৰ ঘটনাক সদায় গৰিহনাৰ যোগ্য৷ইপিনে উক্ত কাৰ্যসুচীত উপস্থিত থাকে পৰিষদৰ নলবাৰী জিলা সমিতিৰ উপ সভাপতি পাৰ্থ প্ৰতিম শৰ্মা,নলবাৰী চহৰ সমিতিৰ সভাপতি নয়ন শৰ্মা নলবাৰী জিলা সমিতিৰ সপ্মাদক নিৰোদ দাস আদিৰ লগতে নলবাৰী জিলা প্ৰেছ ক্লাবৰ সভাপতি কমলেশ শৰ্মা,নলবাৰী জিলা সাংবাদিক সন্হাৰ সাংগঠনিক সম্পাদক চন্দন কুমাৰ শৰ্মা,সাংবাদিক শশাঙ্ক শৰ্মা,চম্পক বৈশ্য,কালিন্দ্ৰ কুমাৰ বৰ্মনেই সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ ৰহস্যজনক বুলি দাবী কৰি ইয়াৰ উচিত তদন্তৰ দাবী জনায়৷