
লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ধূপগুৰি গাঁৱত পুৱাই মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। বোমতলা গাঁৱৰ ধীৰেন খাটনিয়াৰৰ পুত্ৰ জয়দেৱ খাটনিয়াৰ জলফাই গছত চিপ লৈ ওলমি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি লাহৰীঘাট আৰক্ষীক খবৰ দিয়ে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় মৃতদেহটো মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । জয়দেৱৰ আত্মহত্যাৰ ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা নাই হোৱা নাই। আৰক্ষীৰ তদন্তত হে আত্মহত্যাৰ কাৰণ পোহৰলৈ অহাৰ সম্ভাৱনা আছে।