
মনকৰিবলগীয়া কথা যে ধুবুৰী জিলা আৰু অসম ৰাজ্যিক শিক্ষা সঞ্চালকৰ প্ৰতিবেদনল নিৰ্দ্দেশ অনুসৰি প্ৰায় তিনি দিন সময় উকলি যোৱাৰ পিছতো চকী এৰিবলৈ বাধ্য নহয় ,এই গৰাকী দুৰ্নীতি পৰায়ণ নিৰ্লজ্জ শিক্ষা বিষয়া মনোজ কুমাৰ ফুকনে।।
জানিব পৰা মতে দীৰ্ঘ দিনৰ পৰাই সংঘটিত কৰি অহা এই গৰাকী নিৰ্লজ্জ শিক্ষা খণ্ড বিষয়া ফুকনে চকী এৰিবলৈ বাধ্য নহৈ ইয়াৰ উপৰিও ধুবুৰী জিলা আৰু অসম ৰাজ্যিক শিক্ষা সঞ্চালকৰ প্ৰতিবেদনৰ নিৰ্দ্দেশ স্থগিত কৰিবলৈ শিক্ষা খণ্ড কাৰ্য্যালয় এৰি আত্মগোপণ হৈ টেট শিক্ষক-শিক্ষকত্রীৰ ভূৱা চহী জালিয়াতি কৰি আবেদন প্ৰদানত উঠি পৰি নামিছে।।
মুঠতে হয় যে কোনো ভূলে কৰ্মেই যাতে ধুবুৰী জিলা শিক্ষা বিষয়াৰ আৰু অসম ৰাজ্যিক শিক্ষা সঞ্চালকৰ প্ৰতিবেদন নিৰ্দ্দেশ স্থগিত কৰিব নোৱাৰে, নিৰ্লজ্জ দুৰ্নীতি পলায়ণ শিক্ষা খণ্ড বিষয়া মনোজ কুমাৰ ফুকনে, তাৰ প্ৰতি চৰকাৰৰ ওচৰত দাৱী জনাইছে,বিলাসীপাৰা মহকুমা শিক্ষক সন্মিলনী আৰু ৰাইজে।
