
বিটিচিত কোনো ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা নাই। বিটিচি অঞ্চলৰ ৰাইজৰ সৈতে মিত্ৰতা । বিটিচি বিজেপি চৰকাৰ গঠন কৰিব। পঞ্চায়ত নিৰ্বাচনত বিপিএফ যিদৰে অকলে খেলিছে ঠিক বিটিচি নিৰ্বাচনত আমি অকলে খেলিম। প্ৰায় তিনি বছৰ পূৰ্বে ওদালগুৰিত অনুষ্ঠিত বিজেপি দলৰ সভাত বিটিচি গঠনত বিজেপি দলৰ ভূমিকা থাকিব বুলি মই কোৱাত বহুতে হাঁহিছে। কিন্তু সেয়া আজি সম্ভৱ হৈ পৰিছে। আজিৰ দিনত পাঁচ নম্বৰ চৰাইবিল সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী উইলিয়াম নাৰ্জাৰী বিজয়ী নিশ্চিত আৰু তেওঁ এজন কাৰ্যবাহী সদস্য বুলি ঘোষণা কৰিলোঁ। বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আজি বিটিচিৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ চৰাইবিল সমষ্টিৰ প্ৰাৰ্থী ইউলিয়াম নাজাৰী, শ্ৰীৰামপুৰ সমষ্টিৰ প্ৰাৰ্থী সঞ্জীৱ দত্তৰে হৈ প্ৰচাৰ চলায়। সভাপতি গৰাকীক মটৰ চাইকেল সমদল কৰি গোসাঁইগাঁও আৰু শ্ৰীৰামপুৰ পৰিভ্ৰমণ কৰি নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে।