Breaking News
Home / Gossaigaon / গোসাঁইগাঁও মহকুমাৰ শিমুলটাপুত আৰক্ষীৰে গোপন খবৰৰে ভিত্তিত অভিযান চলাই গানজা কঢ়িওৱা এখন ট্ৰাক জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰে। গানজাৰ বজাৰ মূল্য প্ৰায় ২৫ লাখ টকা হব।

গোসাঁইগাঁও মহকুমাৰ শিমুলটাপুত আৰক্ষীৰে গোপন খবৰৰে ভিত্তিত অভিযান চলাই গানজা কঢ়িওৱা এখন ট্ৰাক জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰে। গানজাৰ বজাৰ মূল্য প্ৰায় ২৫ লাখ টকা হব।

গোসাঁইগাঁৱৰ 31 নম্বৰ (গ) ৰাষ্ট্ৰীয় ঘাই পথেৰে গানজা লৈ এখন ট্ৰাক পশ্চিম বংগত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰে আৰক্ষী। লাভ কৰা তথ্যৰে ভিত্তিত নিশা ৰাষ্ট্ৰীয় পথত আৰক্ষী অভিযান চলাই শিমুলটাপুৰে পৰা এখন ট্ৰাক আটক কৰে। ট্ৰাকখনত তালাচী চলাই চেম্বাৰৰ ভিতৰত থকা ৩০ পেকেট গানজা জব্দ উদ্বাৰ কৰে। ইয়াৰ বজাৰ মূল্য প্ৰায় ২৫ লাখ টকা হব। জব্দকৃত ট্ৰাকখনৰ নম্বৰ আছিল – UP -71 T – 2923 ।পাছত আৰক্ষীয়ে ট্ৰাখনৰ চালক বিজয় কুমাৰ( ৩০),জন ফ্ৰানঞ্চিছ( ২৬) আৰু অসম চাবলৈ অহা চালকৰ বন্ধু দীপক কুমাৰ (২২)নামৰ তিনিজনক আটক কৰে ।

About Debrata Pyne

Leave a Reply

Your email address will not be published. Required fields are marked *